|। আৰু সেইখিনিতে ভুল হ'ল মোৰ ।। কাব্য উপন্যাসিকা নৱ ৰাজন ( খণ্ডঃ ১) জেঠৰ শেষজাক বৰষুণে তিয়াই যোৱা দীঘলীপুখুৰীৰ সেই সন্ধ্যা.... তোমাৰ বুকুৰ চুবুৰি উপচাই বৰষুণজাকে পাতিছিল ভালপোৱাৰ উৎসৱ আপদীয়া বতাহ জাকে সেই অচিলাত আজুৰি নি তোমাৰ দুপাত্তা কঁপাই তুলিছে কটন কলেজৰ ছাত্রাবাস ওঁঠত ফুলা "লেকমি"ৰ ৰঙচুৱা হাঁহিত ধৰিব পৰা নাছিলো হৃদয়ৰ ঠিকনা ; লাগি ৰ'ল বহু দিনলৈ দীঘলীপুখুৰীৰ পাৰত ক্লিনিক প্লাচৰ সেই মিঠা সুবাস যদিও আছিল অপাৰগ দিবলে' তোমাৰ বতৰা তুমি গুচি যোৱাৰ পৰত অভিমানত উফন্দি উঠিছিল দীঘলীপুখুৰী , নীৰৱতাৰ কিৰিলিত স্থবিৰ হৈছিল সময় ; আৰু সেইখিনিতে ভুল হ'ল মোৰ ( খণ্ডঃ ২ ) চকুত চকু পৰিল কি নপৰিল গ'লেই নহয় ভুৰুংকৈ উৰি মোৰ মন বিহগী তোমাৰ বুকুৰ খোৰোং বিচাৰি হাঁহিৰে যি সম্ভাষণ--- আহ্ হাঁহি নহয় যে...
Posts
Showing posts from July, 2019