|। আৰু সেইখিনিতে ভুল হ'ল মোৰ ।।
     কাব্য উপন্যাসিকা
                        নৱ ৰাজন 
  ( খণ্ডঃ   ১)
জেঠৰ শেষজাক বৰষুণে
তিয়াই যোৱা
দীঘলীপুখুৰীৰ সেই সন্ধ্যা....
তোমাৰ বুকুৰ চুবুৰি উপচাই
বৰষুণজাকে পাতিছিল
ভালপোৱাৰ উৎসৱ 
আপদীয়া বতাহ জাকে
সেই অচিলাত আজুৰি নি তোমাৰ দুপাত্তা
কঁপাই তুলিছে কটন কলেজৰ ছাত্রাবাস 
ওঁঠত ফুলা "লেকমি"ৰ ৰঙচুৱা হাঁহিত
ধৰিব পৰা নাছিলো  হৃদয়ৰ ঠিকনা ;
লাগি ৰ'ল বহু দিনলৈ 
দীঘলীপুখুৰীৰ পাৰত
ক্লিনিক প্লাচৰ সেই মিঠা সুবাস
যদিও আছিল অপাৰগ
দিবলে' তোমাৰ বতৰা
তুমি গুচি যোৱাৰ পৰত
অভিমানত উফন্দি উঠিছিল দীঘলীপুখুৰী ,
নীৰৱতাৰ কিৰিলিত স্থবিৰ হৈছিল সময় ;
        
আৰু সেইখিনিতে ভুল হ'ল মোৰ
          (  খণ্ডঃ ২ )
চকুত চকু পৰিল কি নপৰিল
গ'লেই নহয় ভুৰুংকৈ উৰি
মোৰ মন বিহগী
তোমাৰ বুকুৰ খোৰোং বিচাৰি
হাঁহিৰে যি সম্ভাষণ---
আহ্
হাঁহি নহয়
যেন অপেক্ষাৰ নঙলা খুলি সোমাই আহো আহোকৈ থকা প্ৰেমৰ ৰ'দালি
দুয়োখনি গাল
যেন নিয়ৰৰ দলিচাত জিলিকি উঠা শাৰদী জোনাক!
আৰু চুলিটাৰি?
আপুনি ভবাতকৈ আগতেই বাহৰ পাতিছিলোঁ তাত
য'ত অতদিনে পোহৰে সাজি আছিল বাহ গোপনে।
কিছুমান ভুল নভবাকৈয়ে হৈ যায়
ভুল নকৰাকে ভুল হোৱাটোও
একো একোটা ভুল ;
তথাপি
সেই ভুলে
যদি
আন ভুল নকৰাই ,
জীৱনক নকৈ সজায় ;
তেনে ভুল
চিৰদিন ভুল হৈ থকাটো
নহয় একো ভুল ।
চকামকাকৈ সিদিনাও তোমাক দেখিছিলোঁ ;
উন্মাদ হৈ পৰিছিল গোটেই জালুকবাৰী ......!
   
      (খণ্ডঃ ৩ )
চকামকাকৈ সিদিনাও তোমাক দেখিছিলোঁ ;
উন্মাদ হৈ পৰিছিল গোটেই জালুকবাৰী ......!
লগত নাছিল জেঠমাহৰ সেইজাক বৰষুণ
মাথো
দুয়োগাল উফৰি সৰিছিল জোনাক
এনে লাগিছিল
যেন পূৰ্ণিমাৰ জোনটি
নামি আহিছিল কৃষ্ণচূড়াৰ দেশলৈ...
নাজানিলো সিদিনাও তোমাৰ ঠিকনা __
সন্দিকৈ কলেজ নে জালুকবাৰী!
প্ৰথম দেখাৰ দিনাই
গুজি  দিছিলা বুকুত
এটি কেঁচা সপোন ,
তোমাৰ দুচকুত  সিদিনাই
বিচাৰি পাইছিলোঁ
এপথাৰ শাওণ ;
নুসুধিবা_
সেই শাওণ
এতিয়া
আঘোণ হ'ল নে ফাগুন !
মই গাৱলীয়া,
পথাৰৰ
হালধীয়া ,সোণোৱালী ক'লাজতে মোৰ জীৱন
নুবুজো ভালপোৱাৰ আধুনিক সংজ্ঞা ;
বুজো
পিতাই,আয়ে শিকোৱা 
শাওণ_আঘোণ হোৱাৰ অগাণিতিক ভাষা
ইয়াতেই জীয়াই ৰাখো নিজক ...
কিন্তু
তোমাৰ দুচকুত ডুবি
হেৰুৱালো নেকি
মই মোক....??
 
      ( খণ্ডঃ ৪)
অ' মোৰ  বুকুৰ কনেং
হৃদয়ত ঢালি
প্রেমৰ আপং
আৰু কিমান সাজ
সপোনৰ কাৰেং
  
নিসংগতাক নিচুকাই
আৱেগৰ সোঁতে সোঁতে উজাই
শাওণৰ সেউজীয়া বৰষুণজাক হৈ
কেতিয়ানো আহিবা মোৰ বুকুলৈ...?
এটি এটি কৈ উপহাৰ দিয়া
বিষন্ন নিশাবোৰ
মোৰ এতিয়া আপোন হৈ পৰিছে
তোমাৰ মন আকাশত
ভালপোৱাৰ চিলাখনিয়ে
বাৰে বাৰে হেৰুৱাইছে আঁত
মাতাল  নহ'লে
কোনোবাই নিশা উৰুৱাই নে চিলা !
নীলা ৰং মোৰ বৰ প্রিয়,
থাউনি নোপোৱাকৈ সেইবুলি
ডুবিব লাগেনে
তোমাৰ দুচকুৰ নীলাত ;
হেৰুৱাব লাগেনে
কৌটিকলীয়া মোৰ বুকুৰ সেউজীয়া
দিয়া ,
যিমান দিয়া ,দিয়া
উজাগৰ নিশাৰ উপহাৰ
হোষ্টেলৰ ছাদত বহি
নিশাৰ পাছত নিশা
পান  কৰি নিসংগতা
বাৰে বাৰে  প্ৰেমত পৰিম তোমাৰ...
(খণ্ডঃ ৫  )
পাণবজাৰৰ লয়াৰ্চ বুক ষ্টলৰ
এটি সেমেকা সন্ধ্যা
সদ্যস্নাতা গাভৰুজনীৰ দৰে
গোন্ধাইছিল পাণবজাৰখন সিদিনা
মোৰ দৰে  কঁপা নাছিল
অথচ
বুকুৰ মেথনি খহাই
খিল্ খিলাই হাঁহিছিল
আইৰ বুকুতকৈও উমাল
জুহালতকৈও ৰসাল আছিল
পাণবজাৰৰ বুকু
পাণবজাৰৰ  বুকুৰ তাপত
শীতাৰ্ত সন্ধ্যাটিয়ে সেকিছিলহি সেমেকা গা
"নীনা ,
সেইখন চোন তই বিচাৰি থকা
নৱ ৰাজনৰ কাব্য সংকলন_
গাভৰু,ছাতি আৰু এজাক  নিলাজ বৰষুণ"
নীনা  !!!
তোমাক  বিচাৰি
সপোনে দীঠকে  চলাথ কৰিছো মই
আৰু
তুমি মোৰেই কিতাপখন বিচাৰি ফুৰিছা..
ক'ম বুলিও একো কব নোৱাৰিলোঁ
মাথো তোমাক চাই থাকিলোঁ
কঁহুৱা কঁপাদি কঁপি কঁপি...
নাপালো সিদিনাও তোমাৰ ঠিকনা  
  
  (খণ্ডঃ ৬ )
কনেং ঐ
তুমি যদি নোহোৱাই মোৰ
মোলৈ চাই তেনেকৈ
কিয় হাঁহিছিলা সিদিনা
মোৰ বুকুত কিয় ফুলাইছিলা
প্ৰেমৰ হাস্নাহানা ?
কিয়  ফুলাইছিলা
ফাগুন আবতৰীয়া 
পলাশ, মদাৰৰ ৰ জুইত
ৰূ-ৰুৱাই জ্বলিছে এতিয়া হিয়া
কেনেকৈ সহিছো তুমি কি বুজিবা 
তুমি তেনেকৈ
কিয় হাঁহিছিলা
কিয় নমাইছিলা
ব'হাগ আবতৰীয়া
বুকুৰ চিৰিৰে উজাই আহিছে
ভালপোৱাৰ বাৰিষা
মোক অকলে  তিতাই 
তুমি ক'লৈ গ'লা...
যদি মোৰ নোহোৱাই
তেনেকৈ আমনি কিয় কৰিছিলা ,..
এতিয়া সঁচাকৈ নামিছে আঘোন
গেঁৰ ধৰিছে জপাৰ সাঁচতীয়া সপোন
দোঁ খাই পৰিছে
মোৰ দুখী বুকুত ..
এয়া চোৱা__শোকবোৰ শিপাইছে
দুনাই মোৰ দুচকুত
তুমি চাগৈ সেয়াই বিচৰা...
  (খণ্ডঃ ৭)
নিসংগ নিশাবোৰ ক্ৰমশঃ আপোন হৈ পৰিছে মোৰ
আৰ চি চি ফ'ৰৰ ছাদত বহি
দুপৰ ৰাতিলৈ অকলে
আওৰাও প্ৰেমৰ পাঠ
মোৰ স'তে মাতাল হয়
জালুকবাৰীৰ প্ৰতিজোপা কৃষ্ণচূড়া
প্ৰতিটো নিসংগ তৰা
ফিজিক্সৰ সুত্ৰবোৰো ছাদলৈ আহি
ওমলে
তোমাৰ ভাৱনাৰ স'তে ওৰে নিশা
কাষত  ৰেড এফ এম
আৰ জে পাহিৰ মিঠা মিঠা প্ৰেমগাথা
জানিলোঁ_
মোৰ কবিতা তোমাৰ প্ৰিয়
মোৰ কবিতাবোৰ  তুমি পঢ়িছা
কবিতাবোৰ পঢ়ি ,মোৰ প্ৰেমত জানো পৰিছা ?
নীনা...
এনেকৈ আৰু কিমান জ্বলোৱা
কিমান উপহাৰ দিয়া বিষন্ন নিশা
নিশাৰ নিসংগতা  পি পি
তোমাৰ প্ৰেমত মাতাল হৈ পৰিছো..
বুজিছো_
প্রাপ্তিতকৈ ,অপ্রাপ্তিয়েই শ্রেয়
যিয়ে
ৰঙাই ৰাখে
ছাই বৰণীয়া হৃদয়
আমৰণ
  (  খণ্ডঃ ৮)
জালুকবাৰী  আজি উখল মাখল
কোনোৱে কয়
আজি প্ৰেমৰ দিন
কেনোৱে কয়_প্ৰতাৰণাৰ দিন
নীনা_আজি তুমি কালৈ মনত পেলাবা
কাৰ কবিতা আওৰাবা
নৱকান্ত বৰুৱাৰ "অৰুন্ধতী"
নে
হীৰুদাৰ মিঠা প্ৰেমৰ কবিতা
কালৈ মনত পেলাবা,নীনা
ভুলতে হ'লেও মোলৈ মনত পেলাবানে এবাৰ ?
আজি সন্ধ্যা, সুধাকন্ঠৰ স্মৃতিসৌধত
প্ৰেমৰ দিন উপলক্ষে কবিতা পাঠৰ অনুষ্ঠান
কবিতা, মোৰ লগৰ বোৰৰ বাবে এলাৰ্জী
সেয়ে অকলেই ওলাইছো কবিতাৰ বৰষুণত তিতিবলৈ
দূৰৰ পৰা ভাঁহি আহিছে
এটি সুমধুৰ কন্ঠস্বৰ

"নমস্কাৰ
মই নীনা বৰুৱা
গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী
অসমীয়া বিভাগ
কবিতাৰ শিৰোনামঃ   প্ৰেমৰ দিন
                     কবিঃ  নৱ ৰাজন  
         
কোনোৱে কয়
আজি প্ৰেমৰ দিন
কেনোৱে কয়_প্ৰতাৰণাৰ দিন
শুভ্ৰ আঁচলৰে নুৰিয়াই জোন
কুঁৱলীয়ে
আজি
ৰ'দলৈ চিঠি লিখাৰ দিন
ৰূ ৰুৱাই জ্বলা
নিশাৰ নিসংগতাক
আজি
উপভোগ কৰাৰ দিন
ৰাধায়ে কানাইক কয়_
বাঁহীৰ সুৰেৰে মেৰিয়াই দুখ
আজি
হৃদয়ে হৃদয় বিচৰা দিন।
........................
.............ধন্যবাদ
আৰু মই গৈ পোৱালৈ
নীনা বৰুৱা ভিৰৰ মাজত হেৰাই থাকিল
  (  খণ্ডঃ ৯ )
নীনা_
তুমি যিমানে আতৰিছা
মোৰ পৰা
মই সিমানে তোমাৰ প্রেমত পৰিছো
যিমানে তুমি আতৰিবা
মোৰ বুকুত সিঁচা ভালপোৱাৰ শইচ
সিমানে ভৰুণ হৈ
ভৰাই তুলিব
তোমাৰ গৌৰৱী বুকুৰ টোম ,
কৃষ্ণচূড়া  হৈ ফুলিব
সমুদায়  মোৰ  আছুতীয়া মৰম
ৰঙাই  তোমাৰ বিৰহী বুুকুৰ চুক ।
তুমি মোৰ  নহ'লেও
প্রতিখিলা সৰাপাততে লিখিম তোমালৈ
ফাগুনে ব'হাগলৈ লিখা
সেই চিৰসেউজ প্রেমৰ গান  ;
সেউজীয়া কেনভাচত আঁকিম তোমালৈ 
শাওণে আঘোণলৈ  অঁকা
সোণোৱালী ক'লাজ |
তুমি যিমানে আতৰিছা
মই সিমানে তোমাৰ প্রেমিক হৈ পৰিছো|
ক্লাচ খতি কৰি আজি দিনৰ দিনটো
তোমাৰ ডিপাৰ্টমেন্টৰ আশে পাশে তহল দিছোঁ
তথাপি তোমাৰ কোনো উমান নাই
তেনেতে হুৱাটচ আপত মেছেজ এটা আহিল__
".. ৰাজন দা,
মই নীনা..নীনা বৰুৱা
আপোনাৰ কবিতা মোৰ খুবেই প্ৰিয়
সঁচা কথা ক'বলৈ গ'লে
মই আপোনাৰ কবিতাৰ প্ৰেমত পৰিছোঁ..."
________________________
  
( খণ্ডঃ১০ )
".. ৰাজন দা,
.........
আপোনাৰ কবিতা মোৰ খুবেই প্ৰিয়
সঁচা কথা ক'বলৈ গ'লে
মই আপোনাৰ কবিতাৰ প্ৰেমত পৰিছোঁ..."
কিমানবাৰ যে পঢ়িছো মেচেজটো...
পঢ়ি পঢ়ি, জীৱনটোক  ন-কৈ আৱিস্কাৰ কৰিছো
প্ৰেম এয়াই
জোনাকী হৈ মনৰ এন্ধাৰ আঁতৰাই
সুখৰ সুহুৰি হৈ দুখৰ ৰাতিক নিচুকায়
"আপুনি ডায়েল কৰা নম্বৰটোত ফোন সম্ভৱ নহয়"
_হৃদয়ৰ কথা হৃদয়তে ৰ'ল
ক'ব খুজিও একো কোৱা নহ'ল
এইমাত্ৰ হাঁহিত খিলখিলাই থকা   কৃষ্ণচূড়াজোপা
যেন হঠাতে  ৰূ-ৰূৱাই জ্বলিল
নীনা__
তুমি আজি ক্লাছলৈ অহা নাছিলা নেকি
নহয়..মানে এনেয়ে সুধিলোঁ
তুমি আকৌ নাভাবিবা,মই তোমাক অনুসৰন কৰিছো বুলি
.............
তুমি কোনোটো হোষ্টেলত থাকা
নে
ভাড়াঘৰত
নে
নিজৰ ঘৰত ?
তোমাৰ ঘৰ ক'ত ?
.................
..................
আৰু বহুখিনি লিখিও
সকলোখিনি মচি পেলালোঁ
হুৱাটচ আপৰ ৰিপ্লাই হিচাপে
একো দিব নোৱাৰিলোঁ...........
(খণ্ডঃ  ১১ )
নীনা_
এদিনৰ বাবে হ'লেও
মোক ভাল পাই চোৱা না ;
আঘোণৰ সুবাসেৰে
ভৰাই তুলিম তোমাৰ বুকুৰ জপা
সৰিয়হৰ হালধীয়াৰে
সজাম আকলুৱা তোমাৰ হিয়া |
এদিনৰ বাবে হ'লেও
মোৰ হোৱা না ;
সাঁচতীয়া জোনাকৰে
আঁতৰাম তোমাৰ  মনৰ  তমসা
হেঁপেহুৱা মৰমৰে
গুচাম তোমাৰ বুকুৰ অব্যক্ত বেথা
গৰখীয়া বাঁহীৰ সুৰৰে
নিচুকাম তোমাৰ  নিশাৰ নিসংগতা |
এবাৰ মোৰ হৈ চোৱা_
পৃথিৱীৰ প্রথমজন নি:স্বাৰ্থ প্রেমিক হৈ
সিঁচি দিম তোমাৰ দুচকুত
এসাগৰ নীলা,
গুজি দিম দুহাতত
পৃথিৱীৰ সমূদায় সেউজীয়া ;
দুখী নোহোৱাৰ জোখাৰে
এআকাশ ভালপোৱা |
এবাৰলৈ ডুবি চোৱা
মোৰ বুকুত ,
কথা দিলো _
নহও বুলিয়ে মোৰ আপোন হৈ যাবা |
এদিনৰ বাবে হ'লেও
মোৰ হৈ চোৱা না  |

(খণ্ডঃ ১২ )
           নৱ  ৰাজন

তোমাৰ ডিপার্টমেন্টৰ সন্মুখৰ কৃষ্ণচূড়াজোপাৰ ছাঁত
পৰ দি আছো তোমালৈ
কিজানি তোমাক লগ পাও !
"মই স্বপ্না
অসমীয়া বিভাগৰ...
আপোনাৰ কবিতাৰ প্ৰেয়সী
আপুনি নৱ ৰাজন নহয় জানো?
"গাভৰু,ছাতি আৰু এজাক নিলাজ বৰষুণ''ৰ স্ৰষ্টা
সিদিনা " সুধাকন্ঠৰ স্মৃতিসৌধ"ত পাঠ কৰা আপোনাৰ কবিতাকেইটা__
আহ্ __বাঁহীৰ সুৰৰ দৰে আজিও কানত বাজি আছে ।
মোৰ "ৰোমমেট"জনীৰ কথাটো  নক'লোৱে বা !
আপোনাৰ অনুষ্ঠানটি  ম'বাইলত ৰেকৰ্ডিং কৰি আনি
সিদিনা ওৰেনিশা  উজাগৰে  কটালে তাই ।
পিছে
ইয়াত এনেকৈ যে ?
কবিতাৰ শিপা বিচাৰি অহা নাইতো!!!
___এটি সুললিত  কন্ঠস্বৰত উচপ খাই উঠিলোঁ ।
সৌজন্যমূলক বাৰ্তালাপৰ অন্তত বুজিবলৈ বাকী নৰ'ল যে
স্বপ্নাৰ সেই "ৰোমমেট"গৰাকী___নীনা
আৱেগত তিতি থকা এটি চিৰসেউজ ৰোমান্টিক কবিতা
মোৰ হৃদয়ৰ...
পানীৰ বেজীৰ সন্ধানত
ডাৱৰৰ নাও বাই
চলাথ কৰি যাম এনেকৈয়ে
বৰষুণৰ ঘৰ __
ভালপোৱাৰ চোলা পিন্ধাৰ হাবিয়াহ যে মোৰ বহুদিনৰ....
    (খণ্ডঃ ১৩  )
স্বপ্নাৰ ওচৰত ধৰা পৰাৰ ভয়ত সিদিনা
জীৱনৰ আন এটা  ভুল কৰিলোঁ
তোমাক যে পায়ো দুনাই  হেৰুৱালোঁ
প্ৰেম চাগৈ এনেকুৱাই
ৰ'দৰ দৰে ...
জোনাক হৈ ,এন্ধাৰ নিশাও
পোহৰাই মনৰ চোতাল 
যৌৱন চাগৈ এনেকুৱাই
আহিনৰ দৰে..
কিছু আমেজ, কিছু বিৰহ
ভালপোৱা চাগৈ এনেকুৱাই
জীৱনৰ দৰে...
বৈ যায় নিৰৱধি
মাথোঁ
খোদিত কৰি থৈ যায়
ইতিহাসৰ সাঁচিপাতত
সোঁৱৰণিৰ দুৰ্বোধ্য লিপি...
তেনেতে হুৱাটচ আপত এটা মেচেজ আহিল_
" ভালনে আপোনাৰ?
মই নীনা
আপোনাৰ অনুমতি নোলোৱাকৈ সিদিনা মেচেজ  কৰিছিলোঁ ।
ক্ষমা কৰি দিয়ে যেন ।"
.........
.........
"আপুনি পাব বিচৰা নম্বৰটোত যোগাযোগ সম্ভৱ নহয়"
মই বাৰে বাৰে চেষ্টা কৰিও বিফল হ'লোঁ।
আজিও মেচেজত একো উত্তৰ দিয়া নহ'ল।

 আগলৈ....

Comments

Popular posts from this blog

পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ৩য় সংখ্যা