পষেকীয়া কাব্যকানন ৫ম বৰ্ষ ৩য় সংখ্যা
————————————————————————
সম্পাদনা সমিতি
সম্পাদনা উপদেষ্টা: উদয় কুমাৰ শৰ্মা
ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ড০ ৰমেশ কুমাৰ কাকতি
প্ৰদীপ চন্দ্ৰ শৰ্মা
চন্দন ভাগৱতী
পবিত্ৰ কুমাৰ নাথ
সম্পাদক: নৱ ৰাজন
প্ৰকাশক: ছেকেণ্ডাৰ আলী আহমেদ
কাৰ্যবাহী সম্পাদক: অনামিকা ৰায়
জাহ্নৱী কাকতি
সহকাৰী সম্পাদক : সীমা গগৈ
অৰ্চনা ঠাকুৰীয়া
সহযোগী সম্পাদকঃ সংগীতা বৰা
বিশ্বজিত গগৈ
ভাৰ্গৱ কুমাৰ নাথ
শুভাকাংক্ষীঃ উৎপল কলিতা ,ৰঞ্জন বৰা
সদস্য : অংকুৰিতা ফুকন , তৃষ্ণা গগৈ, ৰুমী দেৱী, বিনীতা গোস্বামী,ভূমিকা দাস, আচমা জাফ্ৰি, দীপাংকৰ ভূঞা,গীতাঞ্জলী বৰকটকী, খূৰ্ছীদ আনছাৰী,মৌচুমী দাস,পঞ্চমী ফুকন,গিৰিজা শৰ্মা ।
____________________________________
বেটুপাতৰ ফটো -দেৱজিত নাথ
বেটুপাত পৰিকল্পনা/ডিজাইন : নৱ ৰাজন
-----------------------------------------------------------
বেটুপাত
সম্পাদকীয়
প্ৰসংগঃ বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভা
নানা প্ৰতিভাৰ আঁকৰ বিষ্ণু প্ৰসাদ ৰাভাৰ কাব্যিক সত্তা আছিল অত্যন্ত ভাস্বত। বৈপ্লৱিক বিষ্ণুৰাভা, সংস্কৃতি তথা ৰাজনৈতিক জীৱনত যিমান সফল আছিল,কাব্যিক জগততো সমানেই সফল আছিল। এহাতে ষ্টেনগান লৈ আনহাতে কবিতাৰ স্তৱক কঢ়িয়াই ফুৰা বিষ্ণুৰাভা অসমৰ একমাত্ৰ কবি। তেখেতৰ কবিতাসমূহ মূলতঃ বৈপ্লৱিক চেতনাৰে সমৃদ্ধ । কবিতাৰ জৰিয়তে সৰ্বসাধৰণ ৰাইজক অন্যায় ,চৰকাৰী উৎপীড়নৰ বিৰূদ্ধে মাৰ বান্ধি থিয় হ’বলৈ অনুপ্ৰাণিত কৰিছিল।তেখেত কমিনিউষ্ট আছিল যদিও সশস্ত্ৰ সংগ্ৰামৰ পোষকতা কৰি পাহাৰে-ভৈয়ামে ভ্ৰমি, সাধাৰণ হালোৱা, হজুৱা,বনুৱাক সংগবদ্ধ কৰিছিল জেপত বৈপ্লৱিক কবিতাৰ স্ফুলিংগলৈ।সৰ্বসাধাৰণৰ হিতৰ হকে চৰকাৰে তেখেতৰ মূৰৰ ওপৰত ঘোষণা কৰা "দহ হাজাৰটকীয়া পুৰস্কাৰ" হেলাৰঙে বহন কৰি অসমৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি নিৰীহ জনগণৰ মুক্তিৰ সপোন ৰচিছিল।
বৈপ্লিৱক জীৱনৰ সমান্তৰালকৈ সাহিত্য- কীৰ্তি বহন কৰাত তেখেত সফল হৈছিল।তেখেতৰ কবিতাবোৰ আছিল প্ৰধানতঃ নিঃস্ব জনতাৰ প্ৰতিবাদ আৰু আৰ্তনাদৰ বহিঃপ্ৰকাশ।তেখেতৰ কবিতাসমূহ একো একোটা শ্লোগান ; এখনি বৈপ্লৱিক নিচান। তেখেতে বহুকেইটা ৰোমান্টিক কবিতা ৰচনা কৰি অসমীয়া কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
আজন্ম সংগ্ৰামী বিষ্ণুৰাভাই ছাত্ৰ অৱস্থাতে স্বৈৰাচাৰী বৃটিছে চলোৱা উৎপীড়নত অসহ্য হৈ ,তেখেতে ভিক্টোৰিয়া কলেজত বিট্ৰিছৰ ইউনিয়ন জেক নমাই কংগ্ৰেছৰ পতাকা উত্তোলন কৰিছিল। আৰু দেৱালত লিখিছিল–' ৰাজ্যে আছে দুইটি পাঠা,একটি কালো একটি সাদা, ৰাজ্যেৰ যদি মংগল চাও,দুইটি পাঠা বলি দাও।' তেখেতে বুজিছিল যে বৃটিছসকল যেনেকৈ আমাৰ শত্ৰু,তেনেকৈ আমাৰ দেশৰ জমিদাৰ,মহাজন আদিও হালোৱা-হজুৱাসকলৰ শত্ৰু। সেয়ে তেতিয়াই তেখেতে উপলব্ধি কৰিছিল যে আমি 'বগা-ক’লা' দুয়োবিধ শোষক শ্ৰেণীৰ শোষণৰ পৰা মুক্ত হ’ব লাগিব।
সেয়ে তেখেতৰ বৈপ্লৱিক কাপেৰে নিগৰি আহিছিল-
'হেৰ’ বিপ্লৱী বিদ্ৰোহী বীৰ !
তোল তোৰ অৱনত শিৰ ।
অতদিন তই আছিলি সুসুপ্ত
পৰ পদানত,
নিৰ্যাতিত ,নিপীড়িত
দলিত,পতিত...?
আজি এই নতুন যুগত হ তই জাগ্ৰত ।
হেৰ’ হেৰ’
অগনি-যুগৰ ৰঙা ফিৰিঙতি শিখা!
জল জল উঠ উঠ
আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা
তুলি ল তুলি ল তই কৰালী কালীৰ
ভীম ভয়ংকৰ খড়্গ'
ৰাভাদেৱে এখন সভাত কৈছিল-" নাচ-গান আদি যিহকেই কৰি থাকোঁ, সাধাৰণ মানুহৰ দুখ-দুৰ্দশা দেখি মই স্থিৰৰে থাকিব নোৱাৰোঁ।
তাৰ ফলতেই মই আজি ৰাইজক সংগঠিত কৰাৰ মানসেৰে হাবিয়ে-জংঘলে ,
পাহাৰে-ভৈয়ামে ঘূৰি ফুৰিছোঁ। " । সৰ্বসাধাৰণৰ শোষণ-নিপীড়ন অৱসানৰ হকে তেখেতে অশেষ ত্যাগ স্বীকাৰ কৰিছিল।কবিতা আৰু গীতৰ মাজেৰে ধৰ্ম-বৰ্ণ-জাতি নিৰ্বিশেষে সকলোকে বিশেষকৈ হালোৱা-হজুৱা,বনুৱা-কৃষকক সংগবদ্ধ কৰিবলৈ অহো-পুৰুষাৰ্থ কৰিছিল; আৰু সফলো হৈছিল।তাৰেই ফলশ্ৰুতিত তেখেতৰ কাপেৰে নিৰ্গত হৈছিল বহু কালজয়ী গীত তথা কবিতা ।
'ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্,
ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্
দাসৰ বান্ধোন ছিঙ্ ।
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল
ভাঙ্ ভাঙ্
দুৱাৰৰ দাং ।
তেখেতে গীত আৰু কবিতাৰে সাধাৰণ জনগনক স্বৈৰাচাৰী শাষণৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনাইছিল। সাধাৰণ জনগণৰ মুক্তিৰ হেতু তেখেতে হাতত মাৰানাস্ত্ৰ তুলি লৈছিল আৰু কেইবাবাৰো জেল কটাবলগীয়া হৈছিল।
তেখেতে অহিংস নীতিত বীতশ্ৰদ্ধ হৈ, কলমেৰে নিগৰাইছিল এনেদৰে–
'বুদ্ধ
হ’ল অৱৰুদ্ধ...
হিংসাৰ কাৰাত হ’ল অহিংসা নিৰুদ্ধ
মিছা হ’ল অহিংসা প্ৰচাৰ
হ’ল চউপাষে দিশে হিংসাৰ প্ৰসাৰ
অহিংসাৰ বক্ষ ভেদি হ’ল হিংসা
অঙ্কুৰি,
উজ্জীৱিত,
বিকশিত,
পল্লৱিত,
কুসুমিত ।'
(বুদ্ধ হ’ল অৱৰুদ্ধ)
যুদ্ধ-বিধ্বস্ত দেশৰ মৰ্মান্তিক ছবিয়ে কবি বিষ্ণুৰাভাক যথেষ্ট প্ৰভাৱান্বিত কৰিছিল।
তেখেতে লিখিছিল–
'ৰণ
মহাৰণ...
দিশে দিশে
দেশে দেশে
জ্বলিল অগনি,মহাৰণ দাবানল,
সুখৰ ধৰণী ছাই হ’ল;
হ’ল ধৰা ছাৰখাৰ
চুৰ্চুমই চুৰমাৰ ;
উঠিল পৃথিৱী জুৰি ৰোল হাহাকাৰ
বুকু ভগা হিয়া ছিগা 'হায়' হতাশাৰ...'
নিঃস্বজনৰ প্ৰতি সদায়ে গদগদ আছিল তেখেতৰ সহায়ৰ হাত। নিঃস্বজনৰ মুক্তিৰ বাবেই যেন তেখেতৰ জন্ম হৈছিল। সেয়ে, ২৫০ বিঘাকৈ মাটি(পৈত্তিক সম্পত্তি) 'হাল যাৰ মাটি তাৰ ' বুলি নিঃকিনসকলৰ মাজত ভগাই দিছিল। দুখীয়াৰ দুখে তেখেতক সদায় মনোকষ্ট দিছিল–
'...সেই অন্ন-ভূমিহীন দল
যাৰ মাথোঁ উপবাস জীৱিকা-সম্বল,
যাৰ দেহ ৰক্তেৰে
ৰঞ্জিত পোৱালেৰে
বিভূষিতা ধনীৰ গৃহীনী
ৰাঙ,চৰি ৰাঙী হয় ঔ গাল চকলা দুখনি,
ওঁঠৰ লুৰীত দোলে ইন্দ্ৰধনুৰ ৰঙা বেঁকা
হেঙুলীয়া ঘূৰণীয়া ৰেখা ;
মৃণাল ভুজীয়া কৰি হস্তৰে প্ৰাস্তৰে
চম্পা-কলীয়া মিহি কুমলীয়া আঙুলিৰে
ডাঁৰে ডাঁৰে
আঁৰে আঁৰে
জিলিকি জিলিকি উঠে
ৰঙা নখ ৰক্তিম মালিকা ....
তেখেতে ভালকৈয়ে উপলব্ধি কৰিছিল যে কৃষকৰ উন্নতিৰ অবিহনে এখন দেশৰ উন্নতি অসম্ভৱ। চৰকাৰী নিপীড়ন,শোষণৰ বিৰুদ্ধে কৃষকসকলক জাগ্ৰত কৰিবলৈ তেখেতে আপ্ৰাণ চেষ্টা কৰিছিল।কৃষকসকলৰ বাবে তেখেতে লিখিছিল–
'হেৰউ কৃষক,
প্ৰথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।
ধৰণীৰ বুকু ফালি
নাঙলৰ ফাল তুলি
পোনে পোনে তয়ে লখিমীক লভিছিলি
আজিনো লখিমী ক’ত ? ক’ত হেৰুৱালি ?...
লোকৰ ফাঁকিত পৰি হ’লি
শোষণৰ দাস-মজুৰ-শ্ৰমিক।
ধিক্ ধিক্ জীৱনত ধিক্ !
হেৰউ নিলাজ !
মুকুতিৰ সেনা-সাজে সাজে আজি
সাজ!
ব’ল ব’ল ব’ল আগবাঢ়ি
কৰিব লাগিব আজি লখিমী উধাৰ ।'
বিপ্লৱী কবিজনাই এনেদৰে কবিতাৰ জৰিয়তে হালোৱা-হজুৱা-কৃষক-বনুৱাক সংগঠিত কৰি স্বৈৰাচাৰী শাসনগোষ্ঠীৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম গঢ়ি তুলিছিল।
বিষ্ণুৰাভা দিৱসৰ প্ৰাকক্ষণত ,বিপ্লৱী কবিজনাক ,অসম কাব্য কানন পৰিয়ালৰ তৰফৰ পৰা জনালোঁ সশ্ৰদ্ধ প্ৰণাম।
নৱ ৰাজন
সম্পাদক
কাব্যকানন
————————————————————————
কবিতাৰ আড্ডা
[ 'অস্পষ্টতা' আৰু 'ভাষাৰ সৰলতা']
উদয় কুমাৰ শৰ্মা
'প্ৰাচীন পুখুৰী' বুলিলে -- দৃশ্যমান পুখুৰী এটি, বহুদিনীয়া বুলি বুজি পাওঁ। পিচে, 'প্ৰাচীন সপোন', 'প্ৰাচীন সুহুৰি', 'প্ৰাচীন শোক', 'প্ৰাচীন প্ৰেম'ৰহে অৰ্থ নুবুজো। -- সপোন, সুহুৰি, শোক, প্ৰেম -- এইবোৰ ( অদৃশ্যমান ধ্বনি বা অনুভূতি) কিমান 'প্ৰাচীন' ; কিয়, কেনেকৈ পুৰণি -- ধৰিব নোৱাৰো।
কবিতাত, অস্পষ্টতা ( Indistinct, confused) -- একপ্রকাৰৰ ব্যাধিহে ; যিয়ে, কবিক আত্ম-প্ৰতাৰণা কৰি, আত্ম-বিকাশৰ বাট বিঘ্নিত কৰিব পাৰে!
ভাষাৰ সৰলতাৰ আঁৰত, যদি গভীৰ বোধ লুকাই ( এই লুকাই থকাটোৱেতো -- ইঙ্গিত, সংকেত, দ্যোতনা বা ব্যঞ্জনা) নাথাকে -- তেনেহ'লে, সি উকা বা গদ্যগন্ধী ( গদ্যৰ ঠাঁচ লৈও, ব্যঞ্জিত ৰূপৰ বাক্য 'গদ্যধৰ্মী'হে, 'গদ্যগন্ধী' নহয়) বাক্যহে হৈ পৰিব। কবিতাৰ বাক্য -- নতুন চিন্তাৰে ৰসাল।
এটি সৰল বাক্য হ'ল : 'কেতেকী চৰাই এজনীয়ে বিনাইছে। ' -- এই বাক্যটি উকা বা গদ্যগন্ধী ; কিয়নো, 'চৰাই এজনীয়ে বিনোৱাটো' এটি বাতৰি বা খবৰহে। ইয়াত ব্যৱহৃত শব্দকেইটাত, বোধৰ কোনো গভীৰতা নাই ; অথবা, শব্দবোৰে -- অৰ্থক অৰ্থৱহ বা ৰমণীয় কৰি তোলা নাই। কিন্তু, 'কেতেকী এজনীয়ে আকাশ ঢৌৱাইছে' বোলা এই সৰল বাক্যটিত বোধৰ গভীৰতা লুকাই থাকে। কিয়নো, ইয়াত 'কন্দা' বা 'বিনোৱা'ৰ উল্লেখ নকৰাকৈয়ে -- আকাশখনকে ঢৌৱাই ( বতাহক ঢৌৱাব পাৰি; পিচে, আকাশত ঢৌ তোলা -- সিয়েইতো নতুন চিন্তাসমৃদ্ধ ৰহস্যময়তা) তোলাটোহে কবিতাৰ ভাষা।
কবিতাৰ ভাষা -- সদায় আওপকীয়া ; য'ত, ভাষা বা শব্দৰ আঁৰত লুকাই থাকে -- নোকোৱাকৈ থকা, অনেক কথা।
—————————————————————
অনুবাদ কবিতা
गूँगी मानवीयता
डॉ लखबीर सिंह निर्दोष
लगातार सहते हुए लहरों के थपेड़े
सागर में डूब मूंगा हो जाता आदमी
कुछ कहना चाहकर भी कह नहीं पाता
जुबां रखते हुए गूंगा हो जाता है आदमी---
বোবা মানৱীয়তা
মুল: ড° লখবীৰ সিং নিৰ্দোষ
ভাৱানুবাদঃ ©ডা° হীৰেন্দ্ৰকুমাৰ ভাগৱতী
ঢৌৰ অহৰহ আঘাতত
সাগৰত ডুব যোৱা মানুহ এজন
প্ৰবাল হৈ পৰে
বহু কথা ক’ব খুজিও
একো ক’বও নোৱাৰে
মানুহে প্ৰতিশ্ৰুতি ৰক্ষা কৰি
বোবা হৈ পৰে---
————————————————
মূল - ইংৰাজী (আন্তৰ্জাতিক ভাবে স্বীকৃত ভাৰতীয় কবি)
Left in You and Me
By- Semeen Ali
For the days that are left in you and me
Let the silver strands running
Parallel with our lives
Fulfill those wishes
Glistening in the sun
Whispering of the past
Vanishing like the crumbling wings of a moth
A silky sensation left on the skin
For the nights that are present around
you and me
Let the cataract eyes
Staring directly into our futures
Absorb the muffled cries.
অসমীয়া অনুবাদ - অপূৰ্ব ভূঞা
তোমাৰ আৰু মোৰ অৱশেষ
তোমাৰ আৰু মোৰ অৱশিষ্ট দিনবোৰৰ বাবে
আমাৰ জীৱনৰ সমান্তৰালকৈ
ৰূপালী পানীৰ ঢৌবোৰ বৈ যাওক
ৰ’দত জিলমিলাই থকা আশাবোৰ পূৰ্ণ হওক
অতীত হোৱা ফুচফুচনি বোৰ
পতঙ্গৰ থুনুকা পাখিৰ দৰে সৰি পৰক
ৰেচমী এক সুৰসুৰনি পৰি ৰওক ছালত
তোমাৰ আৰু মোৰ চৌপাশে পৰি ৰোৱা ৰাতি বোৰৰ বাবে
চানি পৰা চকুৰ দৃষ্টি নিৰ্বদ্ধ হওক
চেপা কান্দোন- সিক্ত আমাৰ ভবিষ্যতলৈ ৷
( কবিগৰাকীৰ Transition শীৰ্ষক ইংৰাজী কাব্যগ্ৰন্থৰ পৰা এই কবিতাটো লোৱা হৈছে )- অপূৰ্ব ভূঞা, চুৰাট
—————————————————————
কবিতা
জীয়া ভৰলী
সঞ্চিতা বৰা
থিয় গৰাৰ পৰা চুচৰি
কেতিয়াবা বাগৰি
জীয়া ভৰলীৰ
জীয়া পানীত
সৰি পৰা শিলবোৰ
পানী পালেই
মৰে
চৰাই উৰে
চৰাই ঘূৰি আহে
জীয়া ভৰলীৰ
জীয়া পানীত
হেঙুলীয়া বেলিটো
বুৰে
ওৰেটো ৰাতি
চাকৈ চকোৱাহালে
আন্ধাৰ খোটে
জীয়া ভৰলীৰ
জীয়া বুকুত
পূৱ ফাটে
———————————
মানুহ মমতাৰ ফ্ৰেডাৰিকো গৰ্থিয়া লৰকা : জীৱন গাথা
-দেৱ দাস।
১৮৯৯চনত স্পেইনৰ গ্ৰেনেডাত ফেডাৰিকো গাৰ্থিয়া লৰকাৰ জন্ম হৈছিল। লৰকাৰ দেউতাক খেতিয়ক মাক আছিল শিক্ষয়ত্ৰী।
প্ৰাৰম্ভিক শিক্ষা সাং কৰি লৰকাই গ্ৰেনেডা বিশ্ববিদ্যালয়,পিচলৈ মাদ্ৰিদ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।
ফাৰ্নাণ্ডো দে লচৰিয়া,সংগীতজ্ঞ ডন মানুৱেল দাল্লা,বিথোফেন আদিৰ প্ৰভাৱত লৰকাৰ কবি জীৱন প্ৰভাবান্বিত।লৰকাক কাব্য নাটৰ দীশত এলিয়টে অৰিহনা যোগাইছিল।এলিয়টৰ আদৰ্শত মঞ্চসফল কাব্য-নাট লৰকাই সৃষ্টি কৰিব পাৰিছিল।
আন্দালুচিয়াৰ মাটি
মানুহকলৈ কবি আৰু নাট্যকাৰ হিচাপে গাৰ্থিয়া লৰকা জনপ্ৰিয়হৈ উঠিছিল।
১৯২০চনত 'এল মেলেফিচিও ডিলা মেৰিপোজা' নাটখনেই লৰকাৰ প্ৰথম নাট। 'লিব্ৰ দি পয়েমছ' কবিতাৰ পুথিখন১৯২১চনত প্ৰকাশ পাইছিল।
আন এখন পুথি
'ৰমান থেৰ গিটন' আৰু এই পুথি খনে লৰকাক জনপ্ৰিয় কৰিছিল।
লৰকাই 'গাল' নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল।লৰকাৰ জীৱনত তেখেতৰ দহখন কবিতা পুথি প্ৰকাশ পাইছিল।
মৃত্যুৰ পৰবৰ্তী সময়ত লৰকাৰ দুখন কবিতা পুথি ছপা হৈছিল।
স্পেনীয় সাহিত্য মূলধাৰা প্ৰতিফলিত কৰায়ে লৰকাৰ নাটবোৰৰ উদ্দেশ্য আছিল।পাপ,নিষ্ঠুৰতা,উগ্ৰ বাসনাৰ প্ৰতি থকা মনোভাৱ আছিল বডলেয়াৰ আৰু ডস্তয়েভস্কিৰ নিচিনা। বিশেষকৈ উগ্ৰ প্ৰেম, দৈহিককষ্ট,ৰক্তক্ষৰণ,
কপটতাৰ প্ৰতি ব্যংগাত্মক আদি স্পেনীয় সাহিত্যৰ মূলধাৰা আছিল লৰকাৰ নাটকৰ প্ৰতিফলন।
লৰকাই এটা ভ্ৰাম্যমাণ নাট্যগোষ্ঠীৰ সঞ্চালক হিচাপে নাট পৰিবেশন কৰিবলৈ বিভিন্ন জাগালৈ ওলাই অনেক অভিজ্ঞতাৰ সুযোগ পাইছিল।এই নাট্যগোষ্টীটো ১৯৩৩চনত লেটিন আমেৰিকা আৰু তাৰ পৰা আহি মাদ্ৰিদত থাকিব লৈছিল।
গাৰ্থিয়া লৰকাৰ কাব্য নাটৰ বিষয়বস্তুৰ আবেদন মন কৰিবলগীয়া।তেখেতৰ মানুহৰ প্ৰতি ভালপোৱাৰ লিখনীয়ে কাব্যৰ স্বাধীনতা আৰু নাটকৰ শৃখলাৰ যাদুকৰী নিদৰ্শন আগবঢ়ায়।সৃষ্টিহৈছিল দুখ,নৈৰাশ্যৰ গাথা যি লৰকাৰ দুই এটা কবিতাই মৃত্যুৰো প্ৰতিকি কৰে।
'ব্লাডৱেডিং' ,'য়াৰমা' ,'দি হাউছ অৱ বাৰ্নাডা আলবা' আদি তেখেতৰ ট্ৰেজেডী নাট।'দি হাউছ অৱ বাৰ্নাডা আলবা নাটকৰ কাব্যিক স্বাধিনতা নাটকীয় সংযমৰ সাধনাৰ বাবে চলোৱা প্ৰচেষ্টা মনকৰিবলগীয়া আৰু চমকপ্ৰদ।
১৯৩৬চনত মৰক্কোৰ ফেচিষ্ট বিদ্ৰোহ গাকৰি গ্ৰেনেডালৈ বিয়পিছিল। তাতেই লৰকাক মিছা সন্দেহত চৰকাৰ বিদ্ৰোহী বুলি চিহ্নিত কৰিছিল। অৱশ্যে মাদ্ৰিদৰ পৰা ওপজা ঠাই গ্ৰানাডালৈ আহোতে ফেচিষ্টৰ হাতত জীৱন বিপদাপন্ন হব বুলি আশঙ্কাত তেওঁক এজন বন্ধুৱে বিদেশলৈ গুচিযোৱাৰ পৰামৰ্শও দিছিল যদিও তেওঁ নগ'ল 'মই এজন কবি, কবিক সিহতে হত্যা নকৰে' শিশুসুলভ সৰলতা নিৰ্ভয়তাৰ গাৰ্থিয়া লৰকাই স্পেনীজ গৃহ যুদ্ধৰ প্ৰথম বলি,প্ৰথম স্বহীদ। লৰকা হত্যাৰ বিশ বছৰ পিচলৈ স্পেইনত তেওঁৰ নাম নোলোৱাৰ বাবেও নিষেধাজ্ঞা হৈছিল।
১৯৩৬চনৰ ১৯আগষ্টৰ দিনাখন লৰকাক বধ্যভূমিলৈ টানি চোচৰাইনি ফেলেঞ্জিসকলে হত্যা কৰে।নিৰ্মম অত্যাচাৰৰ ভাগিদাৰ হৈছিল এক মানৱ দৰদি কবি নাট্যকাৰ গাৰ্থিয়া লৰকা।
গ্ৰানিডাৰ ফুএ'ন্টে গ্ৰাডেইৰ মৌন প্ৰান্তৰৰ এজোপা বুঢ়া জলফাই গছৰ আশে-পাশে লৰকাক কবৰ দিয়া বুলি আজিও স্পেইন আৰু পৃথিৱীৰ হাজাৰ হাজাৰ মানুহ তেওঁৰ স্মৃতিৰ বাবে তালৈ যায়।
গীত জুৰা চৰাইৰ চলনাত
(গাৰ্থিয়া লৰকাৰ সোঁৱৰণত)
দেৱ দাস
ভাল লগা সেউজীয়াখিনি
চকুৰ আৰে আৰে
ৰাতি ফেঁহুজালি দিয়াৰে পৰা
গীত জুৰা চৰাইৰ চলনাতে
নে বসন্ত হেৰায়
উবুৰিখাই পূৱাৰ
ব-বাতি যুৰি
সূৰুযে ৰহণ সানে
ধলফাট দি নীল বৰণৰ
আকাশ ৰহণীয়া
কাহানিযে ওলায় সেই
মসৃণ চৰাইৰ দৰে
অপেক্ষাৰ হাতত
এ আজলী ৰঙচুৱা
সৰু সৰু ফুল
দিগন্তৰ একাষৰ
বুঢ়া জলফাই জোপাৰ তলত
আজিও
["গীত জুৰা চৰাইৰ চলনাত" কবিতাটি মোৰ কাব্য গ্ৰন্থ 'ৰূপালী মাছৰ নচোন'ৰ অন্তৰ্গত।]
——————————————
কবিতা
প্ৰণৱ প্ৰিয়াংকুশ দত্ত
নদীৰ পানীত গধূলিটো
ডুবি থাকে
চেতাৰ আৰু বেহেলাৰ তাঁৰবোৰ ছিগি যায়!
মোৰ বোধৰ মৰিশালিত
জ্বলি যায়
হেজাৰ ৰাতিৰ গান!
বৰষুণবোৰে বৰষুণ নানে ;
মেঘবোৰে মেঘ!
মোৰ চেতাৰ আৰু বেহেলাৰ তাঁৰবোৰ ছিগি যায়!
নদীৰ পানীত তিতি তিতি
গধূলিটো ডুবি থাকে!
বোধৰ মৰিশালিত
জ্বলি যায়
হেজাৰ ৰাতিৰ গান ;
হেজাৰ ৰাতিৰ কবিতা!
অপাৰ বিস্ময়ত ফুলি থকা ফুলবোৰ
সৰি পৰে
মোৰ ওঁঠৰ দলিছাত!
————————————
আখৰা
বিভা দেৱী
অৱতাৰণা ,
ধ্ৰুপদী নৃত্যৰেই
উপসংহাৰ,
উনচল্লিশটা ঢাপৰ চিৰিৰ
মৃত ব্যক্তিজন
ঘুণে খোৱা কাঠডালে বিচাৰে
আন এডাল ঘুণে খোৱা কাঠ
সূৰ্যোদয়ৰ যন্ত্ৰণা
ডাৱৰৰ মাজত
এজনৰ পিছত আনজনে পিন্ধা থকা
একেটা পুৰণি চোলা
ঘুণে ধৰিলেই পচি যায়
সময়ে হেনো চিন হেৰুৱায়
জটাধাৰীৰ
চুলিৰ পাকত গুঁঠা ৰয় বিষয়
একাকীত্ত্বত বিঘ্নিত গিলাচৰ সপোন
জীৱতত্ত্ব—
দেহতত্ত্ব—
তাজমহলত সূৰ্যাস্ত
সুযোগবহনকাৰী
সুযোগসন্ধান কাৰী
নাটকীয় জগত
পৰিধিৰ মাজত বহা একো একোটা শূন্য
মুখনি,
লেবৰ কাচৰ মাজেৰে খেপিয়াই থকা
এক ৰাসায়নিক সূত্ৰ
——————————————
এটা ধৰ্ষিত কোঠাৰ কাহিনী
গিৰিজা শৰ্মা
চিলিং ফেনৰ ধাতৱ শব্দই কোঠাটো ধৰ্ষণ কৰিছিল
এচুকত জেঠীটো ভয়তে পেঁপুৱা লাগিছিল
হঠাতে আৱিৰ্ভাৱ হোৱা
পলৰীয়া বতাহজাক
অপ্ৰত্যাশিত আছিল
এতিয়া কোঠাটো সমৃদ্ধ
ধাতৱ শব্দবোৰ মৃত
জেঠীটোৱে কাৰ কথাত জানো হয়ভৰ দিলে
এচেৰেঙা ৰ'দে উধাতু খালে ৷
গিৰিজা শৰ্মা
কলিতাপাৰা, গোৱালপাৰা
ক’ল: 7002580976
——————————————
গল্পটো
বিনীতা গোস্বামী
বহু কথা পুৰি ছাই হৈ গ'ল
শূন্য বতাহৰ বিলাপ
গল্পবোৰত ঠাহি আছিল নানা ৰং
আকাশৰ দৰেই যে ৰং গৰলৰো
বাউসীত খবৰ বান্ধি অনা চৰাইটো
ডিঙিত খোঁচ খায় নীলাৰ
মহাভাৰতত ঠাই নাপাই
মুখ থেকেচি মৰে কৰ্ণ
অভিমন্যু সময় এতিয়া
প্ৰতিনিয়ত আত্মীয়ৰ (?) শকুনি নজৰ
জাগতিক নিয়মত দুলি থাকে শূন্য
নেপথ্যত
কথা পোৰাৰ গোন্ধত বিষণ্ণ আঙুলিৰ আস্ফালন
বিনীতা গোস্বামী
পাঠশালা
—————————————
অ' ধান খোৱা চৰাই
গায়ত্ৰী দেৱী বৰঠাকুৰ
ধান খোৱা চৰায়ে নাজানে
উৰুখা কলিজাতো থাকে
ডাঙৰকৈ ডাঙৰি বন্ধাৰ আকুলতা
ফাগুনৰ পোচাকেৰে মেৰিয়াই
শাওণৰ পথাৰত
মৈৰ অনুশীলন কৰাৰ
লেচেৰি বুটলি-বুটলি
লখিমী চপোৱাৰ
উদং ভঁৰালত জমা কৰি
হেঁপাহৰ ঘাম
তেজীমলাৰ আঁচুফুলীয়া ৰিহাপাতি সেকিবলৈ
মাটিৰ মানুহৰ উৎসৱৰ গান
ধান খোৱা চৰায়ে নিচিনে
শইচৰ সঁচ বুকুত কঢ়িওৱাৰ যন্ত্ৰণা
নাইবা সেউজীয়াৰ পৰা হালধীয়া হোৱা
পথ ভাগৰ ভাগৰ....
গায়ত্ৰী দেৱী বৰঠাকুৰ।
তেজপুৰ।
শোণিতপুৰ--784001
8822943064
———————————————
ৰাতিৰ মালিতা
প্ৰদীপ চন্দ্ৰ শৰ্মা
লামডিং
লিখোঁ বুলিয়েই জানো
লিখিব পাৰি -
চিঞাহি শেষহোৱা
কলম আৰু অশ্ৰুকণা
ধলফাট দিয়া আকাশ
ভাবনাৰ জটিল ৰূপ
উকাকাগজত প্ৰতিবিম্ব
ধূসৰ অকণমান আকাশ ...
লিখোঁ বুলিয়েই জানো
লিখিব পাৰি -
দুদোল্যমান নিৰ্বাকসময়
মৰগীয়া হালৰ কথা
অনমনীয় হৃদয়ৰ ব্যথা ...
বতাহৰ সিপাৰে বতাহ
সুৰভিয়ে আনিছে উছাহ
পথাৰৰ সিপাৰৰ পথাৰত
সুগন্ধি ঘাঁহফুলৰ নিৰ্য্যাস।
——————————————
কৃষ্ণচূড়াৰ হাঁহি
ড° ৰমেশ কুমাৰ কাকতি
কৃষ্ণচূড়া তই ফুলি থাক্
ফুলি ফুলি দেচোন
জনতাৰ হিয়াবোৰ হাঁহিৰে ভৰাই ৷
ডালে-পাতে গছজোপা
লৈ বেৰি-বেৰি
ৰঙা ৰঙেৰে সজাই ৷৷
তই ফুলিলেহে সোণাৰু ফুলিব
হালধীয়া সোনাৰু পাহিবোৰে
মিচিকি মিচিকি হাঁহিব ৷
এচাটি সুকোমল মলয়াই
গা-মন জুৰ পৰাকৈ
তোৰ সুবাসেৰে সুৰুযক আদৰি আনিব ৷৷
পুৱাৰ সমীৰ জাকৰ
শীতল পৰশৰ সতে সুগন্ধি সুবাসত
মনবোৰো সন্মোহিত হব ৷
তই ফুলিলেহে এজাৰ জোপায়ো
দুখবোৰ সামৰি-সুতৰি
মনটো শান্তিৰে ভৰাব ৷৷
বতাহৰ লহৰে-লহৰে
ডাৱৰ বোৰেও নাঁচি-বাগি
এজাক বৰষুণ হৈ তোকে চুমিব ৷
চিৰসুন্দৰ পৃথিৱীখনৰো
গছ-বন তৰু-লতা
সেউজীয়া ৰঙেৰে ভৰিব ৷৷
সেয়ে মই তোক জনাও আমন্ত্ৰণ
অ’ কৃষ্ণচূড়া তই ফুলি থাক্
ফুলি থাক জনতাৰ হিয়া সজাবলৈ ৷
হালোৱা ডেকাৰ মন
পুৱতি নিশাতে কৰিবি বাউল
পথাৰখন সোণালী শইচেৰে ভৰাবলৈ ৷৷
ড° ৰমেশ কুমাৰ কাকতি
উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ ৷
—————————————
নিৰৱতা
গীতাৰ্থী ঠাকুৰ
মৌনতাৰ ভিৰত শব্দৰ হুমুনিয়াহ
বেথাৰে সৰি পৰা খৰিকাজাই এপাহ।
বৰষুণৰ ফাকে ফাকে ৰাগ মেঘমল্লাৰ
বিলম্বিত লয়ৰ ধ্ৰূপদ- ধামাৰ।
মোলান পৰা বুকুৰ আকুতি
তই আহিবি বুলি এটা সন্ধিয়াৰ প্ৰস্তুতি।
ছায়াহীন কায়া
অহেতুক মায়া !
————————————————————
ঘণ্টা
দেবানন্দ পেগু,
জ'নাই, ধেমাজী
ডিঙিত ৰঁচী লগাই ওলমাই থোৱা ঘণ্টাটো
মাৰিৰ কোব খাই অভ্যাসলৈ পৰিণত হয়।
দৈনিক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কাতৰ চিঞৰ
এই চিঞৰতে মানুহে সপোন গঢ়ে
কাণত ভেঁকুৰ গজা এচামৰ আকৌ শিল হয়
মৰ্যদা হেৰুৱাৰ ভয়ত
জ্বলি জ্বলি নিজক শেষ কৰি, আনক পোহৰ বিলাই
আদেশ, নিৰ্দেশেৰ আৱেগত বন্দী
যাত্ৰা আৰু অন্তিম,সংকেটত সাৰ পোৱা সপোন
বাস্তৱত ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি
মাৰিৰ কোব খাই মাংস পেশী পাতল হৈ যায়
তথাপি অৱহেলা নকৰে নিজৰ কৰ্তব্য।
মাৰিৰ কোব খাই আপোন হয় মাৰিৰ লগত
আনৰ কাণত শব্দ পেলাই নিজৰ কাণ ঘোলা হয়
তথাপিও কৰ্তব্যৰ পৰা পিছলি নপৰা ঘণ্টাতো
অকণমান মৰম আৰু শ্ৰদ্বাতেই মন উপচি পৰে
জীৱনৰ সাৰ্থক হোৱা বুলি ভাবে।
——————————————
অধিগ্ৰহণ
অমৰদীপ কলিতা
খিৰিকীমুখৰ জোন
চকুতে নলগা হ’ল,
মোৰ শব্দবোৰৰো অচিনাকি সুৰ;
নিজৰ চহৰতে হেৰাই যোৱাতো সৰু কথা নহয় ৷
ৰাতিটো গলি গলি কেতিয়াবাই কাহিনী হ’ল,
বিশৃংখল কাগজৰ টুকুৰাবোৰ
আৰু অৱশিষ্ট মমৰ স্তুপখিনি সাক্ষী
মই মোক অংকন কৰাৰ কিমান বৃথা চেষ্টা !
ক্ৰমান্বয়ে ধুমুহাজাক বুকুত সোমাই গৈ আছে,
মই নভবাকৈ
মোৰ হৃদয়ক বেদখল কৰিলে।
কি ধৃষ্টতা !
—————————————
ভালপোৱাৰ তিনিটা স্তৱক
ৰিংকু সমাদ্দাৰ
নলবাৰী।
এক
গৰখীয়া হাঁহি এটা পিন্ধি
কোনোবা কবি উজাই আহিল
তোমাৰ বুকুৰ পথাৰলৈ,
সপোনৰ সেউজীয়া কঠীয়া সিঁচি
বুকুৰ উঠা নমা উপত্যকাৰ বাট নেওঁচি
হ'বা জানো তুমি তেওঁৰ
নৈশ প্ৰজাপতি?
দুই
মোৰ প্ৰিয় মানেই
তোমাৰ প্ৰিয় যি,
তোমাৰ ভাল লগাবোৰ
মোৰো জানো প্ৰিয় নহয় সি?
লগ পালেই দুচকুলৈ চাম তোমাৰ,
জানোচা দুচকুত থিতাপি লয়
প্ৰণয়ৰ অন্তৰীপ গাঁথা।
তিনি
তুমি বৰষুণত বাউলী হৈ গা ধুইছা,
মই শুকান পাতৰ দৰে
ৰঙাচাহি বাট বুটলিছোঁ।
হাতৰ মুঠিত মোৰ ভালপোৱাৰ গধূলি,
মৌনতাৰ আকণ্ঠ তুমি প্ৰেমৰ সুৰভি।
——————————————
প্ৰাশ্মিক
স্বপ্নালী ফুকন সিং
তেজপুৰ
ব'হাগৰ প্ৰথমটো দুপৰীয়া
কোনেনো বাৰু বুকুকটা সুৰ শুনায়?
মাজপথাৰত পৰুৱাই পাই
আউলি বাউলি চুলি মেলি
তাই কিয়নো যায়?
বাট হেৰুৱাই অবাটৰ বাট বুলাই
এদিন হেৰাই
তাইতো কোনো সদাগৰৰ জী নহয় !
সেয়ে পদুম হৈ নুফুলে তাই...।
বনৰীয়া ফুল হৈ ফুলি উঠে
কোনেও নাচাই
আচলতে তাই ভবাৰ দৰে
বা
মই ভবাৰ দৰে
অথবা
আপুনি ভবাৰ দৰে একোৱেই নাই
জীৱন তাৰ বাবে
যাৰ কলিজাত কোনো আঁচোৰ নাই,
আৰু জীৱন তাৰ বাবে
যাৰ কলিজা চূৰ্ণ বিচূৰ্ণ,
অথচ চুৰ্চূৰ হবলৈ দিয়া নাই...।
——————————
হাবি
ৰমেন দাস
ধৰাৰ অক্ষত উশাহ-নিশাহ
মানুহৰ অমানৱীয় অত্যাচাৰৰ
সাক্ষী মই ;
মোৰ গৰ্ভত সৃষ্টি হয়
জীৱনৰ জয়গান ৷
অ' মই জয়াল
মই অভয়াৰণ্য
মোৰ বকুত হেজাৰ-বিজাৰ
ক্ষত-বিক্ষত গছ-গছনি
হিংস্ৰ জীৱ-জন্তুৰ তৰ্জন-গৰ্জন
মানুহৰ বুকু দুৰু দুৰু কঁপি উঠে
ভয়তে জাগে শিহৰণ ৷
মই জয়াল
মোৰ ৰূপ ভয়াল
ধৰি খাওঁ ধৰি খাওঁ আচৰণ
ৰাতি কৰোঁ নিদ্ৰাহৰণ
চোৰাং চিকাৰীৰ নিঃশব্দ খোজ
হাবিতলীয়া বাটেৰে
ৰক্ষকৰ চকুত
ধূলি-সানি কৰে পলায়ন
মই হাবি
মই দিহিং পাটকাই
ক'লা হীৰাৰ অবাধ লুণ্ঠনৰ
আছোঁ গীত গাই
আজি মোৰ দুৰ্দশা-
হাবিৰ গছ-গছনি
কাটি কৰিলে তহিলং
হাবি হ'ল উদং
হে জীৱ শ্ৰেষ্ঠ মানৱ
অহা আগবাঢ়ি -
গছ পুলি লোৱা হাতত তুলি
সেউজীয়া বননি গঢ়িম বুলি ৷
——————————————
আশা
প্ৰাঞ্জল কুমাৰ নাথ
জীৱনৰ কলিজাত ঘুণে ধৰা বহুদিনেই হ’ল ৷
তইতো বহুদুৰ যোজন আগুৱাই গ’লি ৷
কওঁ বুলিও ক’ব নোৱাৰি ৷
কিমান যে প্ৰত্যাশা বুকুত মৰহি গ’ল ৷
এতিয়া শোকোতাৰেই জীৱন জুৰাইছোঁ ৷
কিজানি তোৰ খোজত বাট বুলাব পাৰোঁৱেই ৷
এটি মাথোঁ আশা বুকুত বাজি আছে ...
সমাপ্তিৰ আগত যেন আশা পূৰ্ণ হয় ৷
তোৰ চকুত চকু থৈ যেন ক’ব পাৰোঁ
জীৱনটো অথলে নগ’ল ৷
———————————
মামাৰ ভাগিন
নয়ন জ্যোতি কাকতি
শ্ৰী কৃষ্ণ দ্বাৰকা ৰজা,
আমাৰ মামা অসমৰ ৰজা ।
মামা আছিল বাঘৰ আশা,
কলেজৰ পৰা ভাৱি ৰখা ।
এদিন মামা অসমৰ ৰজা হোৱা।
ৰজা হৈ মামায়ে ল'লে ডাঙৰ প্ৰতিজ্ঞা,
সত্ৰ ভূমি বেদখল মুক্ত কৰা ।
দালাল ৰাজ বন্ধ কৰা,
গোন্ধ সুৰক্ষা দিয়া,
নিছা মুক্ত অসম গঢ়া ।
অসমৰ জনতাক সৎ
পথত ঘূৰাই আনা।
এইবাৰ দিলে মামায়ে কথা ,
ভাগিনহতক মটৰচাইকেল দিয়া।
আৰু আছে কৰিব লগা,
টু চাইল্ড পলিচি সোনকালে অনা।
অসমে জানে হিমন্ত মামা,
ভাগিনে কয় বীৰবল মামা।
হৃদয়ত আছে বহু আশা ।
খুলি ক'বলৈ মামাক আশা ।
অৰ্জুনৰ আছিল ডাঙৰ ডাঙৰ আশা,
শ্ৰী কৃষ্ণৰ লগত সখা পাতা ।
ভাগিনৰ আছে বহু আশা,
মামা চৰণ চুই সেৱা কৰা।
নয়ন জ্যোতি কাকতি
দ্বাদশ শ্ৰেণী
ন-ভেটি ,মৰিগাঁও
——————————————
বিষাদ বৰষুণৰ শেষত
মনচুমী তলিতা নাথ
নাজানো আজি হঠাৎ কিয়
সলনি হ'ল আকাশৰ ৰং
কলিয়া ডাৱৰে আকাশ চানি ধৰে
চৌদিশে এন্ধাৰে আৱৰে
মেঘে গৰজে
বিষাদ কিজানি এনেকৈয়ে নামে
জেঠুৱৈ বানে উটুৱাই নিয়ে
খাটি খোৱা খেতিয়কৰ বুকুত
সজাল ধৰা সেউজীয়া সপোন
চহা জীৱনক ভেঙুচালি কৰি
আশাত ভজা কলিজাক উপলুঙা কৰি
এৰি থৈ যায় মাথোঁ
এসাগৰ নীলা বেদনা
বুকুত দি যায় অলেখ যন্ত্ৰণা
সৌৱা আজি আকৌ
সলনি হৈছে আকাশৰ ৰং
হয়তো এজাক বৰষুণ আহিব
বিষাদৰ বৰষুণ
আকাশৰ চকুলো
বন্যাৰ্তৰ চকুলো
বিষাদৰ বৰষুণৰ শেষত
অ'ত ত'ত চিটিকি পৰা
সপোনৰ টুকুৰাবোৰ বুটলি আনি
নকৈ এটি সপোন গঢ় দিব লাগিব আলফুলকৈ
সেই সপোন বাঢ়ি আহিব লহপহকৈ ।
মনচুমী কলিতা নাথ
যোৰহাট
———————————
ব্যক্তিত্ব
জোনমণি মহন্ত
কিয়নো প্ৰয়োজন কাৰোবাৰ ব্যক্তিত্বৰ
ওজনৰ পৰীক্ষা
যদি নিজকে সুধি চোৱা
তাতেই অনুমান কৰিব পাৰিবা !
ভৰসা, হেপাঁহ আৰু ত্যাগৰ ওজন
ভাগ ভাগ কৰিবলৈ
তুলাচনীৰ প্ৰয়োজন নাই
হাতৰ মুঠিত তুলি লোৱা
সময়ৰ লিপিবোৰ
এটা এটাকৈ হৃদয়ৰ পৃষ্ঠাত
তেতিয়াই ওজনৰ পৰিমান বুজি পাবা
কেতিয়াবা যদি সময়ৰ গতিত ছাকনৈয়াত পৰিছা
সেইবোৰ হৰণ হ’লেও বাকী ৰৈ যাব
মৰমবোৰ স্বাৰ্থৰ লগত যোগ বিয়োগ হব
তেতিয়াই হয়তো ওজনৰ হিচাপবোৰৰ উত্তৰ পাবলৈ সহজ হ’ব।
জোনমণি মহন্ত
তেজপুৰ
———————————————
শুভ্ৰ ৰঙী হিমালয় গলিছে
নিৰুমণি বৰা
গহপুৰ
উত্তাপবোৰ নিজৰ কৰি লোৱাৰ পৰাই
হিমালয় গলিছে।
শুভ্ৰ ৰঙী হিমালয় সুৰুজ মুখী
হোৱাৰ পৰাই
হিমালয় গলিছে!
নামি আহিছে গংগা, যমুনা, সৰস্বতী
এৰিথৈ আহিছে এমুঠি আশা
আজি হিমালয় গলিছে
ফিৰ ফিৰীয়া বতাহজাক সোমাব নিদিবি
হৃদয়ৰ দৰ্জাখন বন্ধকৰি দে
অহেতুক কষ্ট পাব অজান নিষ্পাপ জীৱই।
বুকুখন ধপ ধপাইছে হ'বলা!
উশাহবোৰ আজুৰি সুমুৱাই থ হৃদয়ত
হেঁপাহবোৰ হেৰাই যাবলৈ নিদিবি।
হেঁপাহ হেৰুৱাৰ বেদনা কেনেকৈ লৈ ফুৰিবি
জনাৰণ্যৰ বিচৰণ থলিত!
নিঃসংগতাত সপোন সৰে
সেয়ে চাগে হিমালয় গলিছে
নৈ নিজৰাই লৈ আহিছে হেঁপাহ
বোজা বৈ লৈ নাহিবি হা –হুমুনিয়াহ।
হিমালয়ত আকৌ শীত নামিব
শুভ্ৰতাই আঁকোৱালী ল'ব শৰীৰ।
———————————————
"মনত পৰেনে অৰুন্ধতী"
(নৱকান্ত বৰুৱাদেৱলৈ শ্ৰদ্ধাৰে...)
ৰশ্মি দলে'
সেই সন্ধিয়াৰ বৰষুণ জাক...
যাৰ অন্তহীন আগমনত ৰচা
হাজাৰ সপোন...
যাৰ অস্তিত্বৰে বিচৰণ কৰা
দূৰ্লভ সুখ
মনত পৰেনে অৰুন্ধতী ?
ৰাতিৰ তিৰবিৰাই থকা আকাশখন...
যাৰ অসীম বুকুত লিখিছিলোঁ
অন্তহীন কবিতা...
যাৰ সাক্ষীত কটাইছিলোঁ
এক অচিন নীৰৱতা
মনত পৰেনে অৰুন্ধতী ??
বৰষুণৰ সিক্ত জোনাক
ওৰণি তলৰে বৈ অহা সেঁওতা,
তোমাৰ জোন যেন মুখনি...
চূচূক-চামাক খোজত
তোমাৰ নূপুৰৰ গুঞ্জন
মনত পৰেনে আৰুন্ধতী !
মনত পৰেনে আৰুন্ধতী?
——————————————
গাই যোৱা গীত হে তৰঙ্গিনী...
সুশান্ত দাস
হে মোৰ খৰস্ৰোতা জীৱনতোষিনী
গাই যোৱা এটি প্ৰাণৱন্ত গীত,
নাচিব সকলোৱে মন-প্ৰাণ খুলি
জীৱন যুঁজৰ স্তব্ধ সময়ত,
গাই যোৱা গীত হে তৰঙ্গিনী...
যি সুৰত মুগ্ধ হয় বনৰ পখিলী
তেনে এটি গীত বিৰচন কৰা তুমি,
সলিল নিজৰাৰ কুলু-কুলু স্পন্দনত
বাজে মাথোঁ হৃষ্ট গীত,
তেনে এটি গীতৰ সুমধুৰ ৰাগি তুলি
গাই যোৱা গীত হে তৰঙ্গিনী...
হৃদয়ে যাক হৃয়ঙ্গম কৰিব,
পৰাণে যাক মৌ-মাত বুলিব,
কদমৰ তলে গোৱা,
হৃদয়েৰে বৈ যোৱা,
সুৰৰ লালিত্যক প্ৰতিভাত কৰি
গাই যোৱা গীত হে তৰঙ্গিনী...
তোমাৰ গীতৰ মৌ বৰষা ক্ষণত
য'ত নাথাকে বিহ্বলতা মনত,
সৰ্ব সংগম বোৱা যেন ভুজঙ্গম,
সেই ভুজঙ্গমৰ গতিত শুনো এটি গীত ,
সানি যায় আশাৰ এমুঠি জোনাকী
গাই যোৱা গীত হে তৰঙ্গিনী...
ছত্ৰিশ ৰাগিনী কণ্ঠৰ বুকুত সানি,
জুৰুৱা প্ৰেমসিক্ত ভেষজ ঔষধী,
প্ৰাণে যাক আলিংগন কৰিব পাৰে,
দেশৰ মাটিয়ে যাক সেৱাৰে বোৱাই নিয়ে,
ললিত মধুৰ নীৰৰ হিল্লোল তুলি,
গাই যোৱা গীত হে তৰঙ্গিনী...
বৈবস্বত মনুৱে যাৰ বুকুত বিচাৰি পাইছিল মৎস্যাৱতাৰ,
সেই তটিনীৰ বিমুক্ত বক্ষত সৃষ্টি হৈছিল প্ৰলয়ৰ ঝংকাৰ
আজি সেই সৰিতে গাইছে প্ৰাণোচ্ছল সংগীত,
ৰামৰ মিত্ৰ নিষাদৰাজ গুহৰ মহান ৰাজ্য,
ঢৌৰ ভেদিব নোৱাৰা প্ৰাণোচ্ছল কেলি,
গাই যোৱা গীত হে তৰঙ্গিনী...
ভগীৰথে আনিছিল নমাই গংগাক
ৰচিলে ইতিহাস ; মনুষ্য অবাক
সেই তটিনী মহা ৰূপৱতী,
কামনা কৰিলোঁ তেওঁৰ গীত শুনাৰ,
মই আজন্মা প্ৰেমিক যাৰ।
যাৰ গীতে ৰচে আনন্দ ভূয়সী,
গোৱা এটি গীত হে তৰঙ্গিনী...
হে মোৰ জীৱন প্ৰেমামৃত সিন্ধু
হৈ পৰিলা মোৰ পৰম বন্ধু,
গীতৰ লহৰীয়ে প্ৰাণক কৰে উন্মাদ
ব্ৰজাংগনা ৰাধাক দিছিল যমুনাই ভাবোচ্ছ্বাস,
মানস হ্ৰদত তুলি শব্দৰ গুঞ্জন তুমি,
বোৱাই দিয়া প্ৰেম মন্দাকিনী,
গাই যোৱা এটি গীত হে তৰঙ্গিনী...
সুশান্ত দাস,
শিৱসাগৰ।
——————————————
তেজ
দীপাংকৰ ভূঞা
তেজ…
যেন এক চিৰ প্ৰবাহিত সোঁত
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ
আদিৰ পৰা অনন্তলৈ…
নাই ধৰ্ম
নাই বৰ্ণ বৈষম্য
নাই পৰ্বত-ভৈয়াম
এটাই মাত্ৰ পৰিচয়
বৰণ ৰঙা !
গোলাপ পাহিৰ দৰে
তেজাল গালখন
শেঁতা হওঁতে ,
শেঁতা শৰীৰে
নিবিচাৰে
হিন্দু নে ইছলাম
শিখ নে খ্ৰীষ্টান
কাৰ্বি নে কোঁচ
মৰান নে মতক
আহোম নে চুতীয়া
ইউক্ৰেনিয়ান নে ৰাছিয়ান !
———————————————
অপেক্ষা
ঋতুস্মিন চেতিয়া
এক আৰোগ্য আশাত নিৰৱ ক্ষণত
এজাক বৰষুণৰ সন্ধানত
জীপাল কৰাৰ বন্যাৰে
মই এটি কবিতা লিখা অপেক্ষাত আছিলোঁ,
সৰুদৈ জাকে মোৰ বিহঙ্গ মনক চিৰিলি কৰিলে,
সময় পৃষ্ঠাবোৰক আওফালি নচোৱালে ...
ফাগুনক অন্ত পেলাই সজীৱ হোৱা ধৰণী
আজি যেন মেঘ নীলা হৈ বৰষিছে ,
সপোনত ডেওনা দি যোৱা বিহগী মাতত
দোভাগ ৰাতি বিৰহী হৈ হৰিছে টোপনি,
এনেকৈয়েই ৰাতিটোতে ভৰি পৰে নে বুকুৰ পথাৰ!
মনৰ খলকনিত বাঁহনী পানীত ডুব যায় শইচ
জীয়া ঢল বোৱাই নদীখনি কৰি উন্মাদিনী ,
অজস্ৰ মদাৰ ফুলা দিচাং নৈ দুটিপাৰে দেখিছোঁ,
বৃষ্টিপ্ৰিয় জিনীয়াৰ এক অভিস্পা
ৰঙীন আবিৰ সনা কৃষ্ণচূড়াৰ দেশলৈ
মই এতিয়া কৰিছো হাবিয়াহ...
———————————————
তুমি নে নীলা
পবিত্র কুমাৰ নাথ,
বঙাইগাঁও।
সাগৰখন নীলা
আকাশখনো
তুমি নীলাৰ মাজত
সৰগৰ নীলা পৰী
চকুৰেচোন তোমাৰ বাহিৰে
একোকে নমনি
নীলা নে তুমি
তুমি নে নীলা
যেনিচাওঁ সৰ্বত্ৰ নীলাময় তুমি
কেৱল নীলা,
কেৱল তুমি
বিশাল ব্যপ্তিৰে ভৰা
তুমি তুমি কেৱল তুমি
আহ! এতিয়া তুমি তুমিহৈয়ে
নীলা হৈ ৰ'লা,
স্বপ্নময় দুচকুত মোৰ
বাকি দি এচামুচ তোমাৰ নীলা
তুমি তোমাৰ লগতে
মোকো দেখোন
তুমি কৰিয়েই তুলিলা
তুমি মই আমি
সকলোৱে যেন
একো একোখন নীলা সাগৰ
একো একোখন নীলা আকাশ !
——————————————
নাৰী
অশোক বৰ্মন
বঙাইগাঁও
নাৰী-
এটা বহুৰঙী ৰামধেনু বৰণৰ সত্তা
মনৰ শুকান ছাহাৰাত
শীতল বৰষুণ, প্ৰেৰণাৰ সিন্ধু ।
নাৰী-
এক সংবেদনশীল আবেগ
সৃষ্টিৰ কোমল তেজ
হৃদয়ৰ গভীৰতাত যন্ত্ৰণাৰ আঁচোৰলৈ
বৈ থকা এখন শীতল নদী।
নাৰী-
কেতিয়াবা ই অগ্নিস্ফুলিংগ হৈ
কোনো যুদ্ধৰ কাৰণো হৈ উঠে
কেতিয়াবা আকৌ-
প্ৰভাতী চেতনাৰ গানহৈ
হৃদয়ৰ ভাগি থকা বীণখনতো
সুৰৰ লহৰ তোলে।
নাৰী-
নিশ্চিতভাৱে
এটা বিপ্লৱ হ'ব পাৰে।
——————————————
পৃথিৱীখন মানুহৰ হওক
ইকবাল হোচেইন খান
এদিন আনন্দত বিভোৰ হ'ব পৃথিৱী
যদি নিৰ্বাপিত হয় হিংসাৰ অগনি
আহক ৰোপন কৰোঁ এজোপা এজোপা জ্ঞান বৃক্ষ
উভতি আহিব মানৱতাৰ মালিতা
আওপুৰণি নহ'ব হিয়াৰ আৱেগৰ স্বকীয়তা
শান্তিৰ বতৰা বৈ থাকিব অনাদিলৈ সাগৰৰ দৰেই ।
আকৌ গান্ধীৰ আদৰ্শ উজলি উঠক
তাৰবাবেই গঢ়ি উঠক জনমত
আত্মীয় চেতনা হওক মজবুত
হৃদয়ত স্থায়ী হওক মানৱতাৰ বাণী
পৃথৱীখন মানুহৰ হওক
প্ৰেম হৃদয়ত উদ্ভাসিত হওক
সেয়া, আমি সকলোৱে যদি যীচুৰ স'তে কথা পাতো
সেয়ে ,আমি যদি সকলোৱে হজৰত মহম্মদৰ স'তে কথা পাতো
সেয়ে, আমি যদি সকলোৱে গান্ধীৰ স'তে কথা পাতো
তেতিয়াই আনন্দত বিভোৰ হৈ পৰিব পৃথিৱী
এদিন তেনেকুৱাই হ'ব
মানুহে মানুহৰ আপোন হ'ব ।
ইকবাল হোচেইন খান
খন্দকাৰ পাৰা,বৰপেটা
—————————————————————
পঢ়ুৱৈৰ অভিমত
মাননীয় সম্পাদক মহোদয়,
৫ম বছৰ ২য় সংখ্যাত কবিতা সম্পৰ্কে লিখা উদয় কুমাৰ শৰ্মাৰ কবিতাৰ আড্ডা ন-কবিৰ কবিতাৰ বাবে ল'বলগা সুন্দৰ শিকনি, আৰু লেখা হিচাপেও সাৰ্থক ।
সম্পাদকীয় বলিষ্ঠ।।সীমা গগৈৰ 'দেৱাল' আৰু অন্যান্য ভাললগা কবিতাই সংখ্যাটো সুন্দৰ কৰি তুলিছে।
ড° মন্ জু হালৈ
নলবাৰী
———————————
পষেকীয়া কাব্য কাননে আমাৰ লেখক লেখিকাৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। নৱ ৰাজন দাদাৰ প্ৰচেষ্টা সফল হৈছে। অতি মনোগ্ৰাহী কবিতাৰে আলোচনীখন অতি ৰূপৱতী। মনত এটা কবিতাৰ ভুজঙ্গমে আমনি কৰে। সেইবাবে পষেকীয়া কাব্য কাননলৈ কবিতা লিখো। কবি আৰু কবিতাৰ নিবিড় সম্পৰ্ক ৰক্ষা কৰিবলৈ কাব্য কানন সফল হৈছে। ইও সেই ফাট বিহুৰ দৰে কবি আৰু কবিতাৰে সমন্বয়ৰ প্ৰতীক হিচাপে দ্ৰষ্টব্য হৈছে।ইয়াৰ আগৰ সংখ্যা পঢ়ি সঁচাই বহুত ভাল লাগিল।
সুশান্ত দাস।
শিৱসাগৰ।
———————————————
৫ম বছৰ ২য় সংখ্যাত কবিতা সম্পৰ্কে আমাৰ অগ্ৰজ শ্ৰদ্ধাৰ উদয় কুমাৰ শৰ্মা দেৱৰ লেখা পঢ়ি আমি কবিতা নিৰ্মাণৰ ক্ষেত্ৰত নিজকে নিশ্চয় সংশোধন কৰিব পাৰিম। লগতে উন্নত মানদণ্ডৰ চিন্তা সমন্বিতে প্ৰায়বোৰ লেখাই ভাল হৈছে।
ৰেখা বৰকটকী
যোৰহাট
———————————————
৫ম বছৰ ২য় সংখ্যাত কবিতা সম্পৰ্কে লিখা উদয় কুমাৰ শৰ্মাৰ কবিতাৰ ন-কবিৰ কবিতাৰ বাবে কৰা শিকনি বুলি ধৰি ললে সাৰ্থক লেখা।অৱশ্যে অধ্যয়ন আৰু থাকিব।
সম্পাদকৰ প্ৰচেষ্টা বৰ ভাল।সীমা গগৈৰ 'দেৱাল' আৰু ভাললগা কবিতাই সংখ্যাটোৰ অলংকাৰ হৈছে।
–দেৱ দাস
বৰপেটা
———————————————
পঞ্চম বছৰ দ্বিতীয় সংখ্যাটি পঢ়ি আনন্দিত হ’লো ৷ এই সংখ্যাটিৰ সম্পাদকীয় অতি শক্তিশালী আৰু স্পষ্টবাদী চিন্তাৰে সমৃদ্ধ ৷কবিতাৰ লগতে অন্যান্য লিখনি সমূহো অতি উন্নত ৷
___ৰাজীৱ দত্ত
চামতা ৷
নলবাৰী ৭৮১৩০৬
——————————————————————
কবিতা
হিচাপ
দিব্যজ্যোতি কাকতি
গুৱাহাটী বিশ্ববিদ্যালয়,
গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগ।
হিচাপবোৰ বৰ আচৰিত।
গৰ্ভত মাহৰ হিচাপ---ন চাৰি দহ মাহ
জন্মত ঘড়ী কাঁটাৰ হিচাপ।
তাকেই ফলিত আঁকি গণকৰ ক্ষণৰ হিচাপ।
কুণ্ডলীত পাক খাই ৰয় জীৱনৰ হিচাপ।
হিচাপবোৰ ডাঙৰ হয়
হিচাপৰ ওজন বাঢ়ে।
স্কুলৰ ৰেজিষ্টাৰ বহীত
হিচাপবোৰৰ ওখ হোৱাৰ প্ৰতিযোগিতা চলে।
লাহে লাহে হিচাপবোৰ শকত হয় অথবা ক্ষীণ
ভিন্ন হয় জেপ আৰু জীৱনৰ হিচাপ।
জেপবোৰ ফাটে অথবা শুকায়।
হিচাপবোৰ অঘৰী হয়।
হিচাপবোৰ চিধা হয় অথবা অতিপাত বেঁকা
আধা বেঁকা হিচাপৰ হিচাপ নহয়।
কুণ্ডলীত পাকৰ হিচাপবোৰ ক্ৰমাত চুটি হয়
দৰৱৰ বটলত লিখা হয় সময়ৰ হিচাপ।
আৰু এদিন,
উশাহৰ হিচাপবোৰ শেষ হ'লে
কোনে জানো কেতিয়া জুখি উলিয়ায়
তিনি ভৰি মাটিৰ হিচাপ!
হিচাপৰ ওপৰতে চলে হিচাপ।
এঘাৰ নে তেৰ দিন?
পৰাচিতৰ বাবে দানৰ হিচাপ।
হায়!
হিচাপৰ শেষতো অসংখ্য হিচাপ।
——————————————
কৃষ্ণচূড়াৰ হাঁহি
ড° ৰমেশ কুমাৰ কাকতি
কৃষ্ণচূড়া তই ফুলি থাক্
ফুলি ফুলি দেচোন
জনতাৰ হিয়াবোৰ হাঁহিৰে ভৰায় ৷
ডালে-পাতে গছজোপা
লৈ বেৰি-বেৰি
ৰঙা ৰঙেৰে সজায়।
তই ফুলিলেহে সোণাৰু ফুলিব
হালধীয়া সোনাৰু পাহিবোৰে
মিচিকি মিচিকি হাঁহিব ৷
এচাটি সুকোমল মলয়াই
গা-মন জুৰ পৰাকৈ
তোৰ সুবাসেৰে সূৰুযক আদৰি আনিব ৷
পুৱাৰ সমীৰ জাকৰ
শীতল পৰশৰ সতে সুগন্ধি সুবাসত
মনবোৰো সন্মোহিত হব ৷
তই ফুলিলেহে এজাৰ জোপায়ো
দুখবোৰ সামৰি-সুতৰি
মনটো শান্তিৰে ভৰাব ৷৷
বতাহৰ লহৰে-লহৰে
ডাৱৰ বোৰেও নাচি-বাগি
এজাক বৰষুণ হৈ তোকে চুমিব ৷
চিৰসুন্দৰ পৃথিৱীখনৰো
গছ-বন তৰু-লতা
সেউজীয়া ৰঙেৰে ভৰিব ৷৷
সেয়ে মই তোক জনাও আমন্ত্ৰণ
অ’ কৃষ্ণচূড়া তই ফুলি থাক্
ফুলি থাক জনতাৰ হিয়া সজাবলৈ ৷
হালোৱা ডেকাৰ মন
পুৱতি নিশাতে কৰিবি বাউল
পথাৰখন সোণালী শইচেৰে ভৰাবলৈ ৷
ড° ৰমেশ কুমাৰ কাকতি
উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ ৷
——————————————
এখন গাঁৱৰ কথাৰে
ৰবিন কুমাৰ চেতিয়া
ধেমাজি
কালিলৈকে গাঁওখনৰ বাহিৰে ভিতৰে
আমোলমোলাই সাঁতুৰি আছিল
এটি গাভৰু সুৰ
ডঁৰিয়লি সেউজীয়াত
লমালমে ফুলিব খুজিছিল দঁহেচীয়া কথাবোৰ
নেৰানেপেৰা বৰষুণজাকে ওৰেটো নিশা
মূষলধাৰে পাহাৰত দেওধ্বনি তোলাৰে পৰা
চকুলো হৈ বৈ থাকিল
গাঁওখনৰ দহিকতৰা হাঁহিবোৰ
বু বু বা বা চলিল উপস্হিত ৰাইজৰ মাজত
ইয়াত এখন গাঁও আছিল
বানে ধোৱা গাঁও
বানে গৰকা গাঁও
কোনে কেতিয়া জানো দিছিল গাওঁখনৰ নামটো
সঠিক কৈ সেইটোহে নেজানে কোনেও
তথাপিও এটা কথা পিছে সকলোৱে জানে
বাৰিষাৰ প্ৰথমজাক বৰষুণেই
দুখৰ মাদুলি পিন্ধা হুমুনিয়াহবোৰ
নিমিষতে গাঁওখনৰ চুকে কোণে নমাই আনে
বছৰেকীয়া উৎসৱৰ প্ৰথমটো দিনতেই
জিলিকি উঠে গাঁওখন চৌদিশে
যিয়ে য'তে খবৰটো পায়
সকলো আহে গাঁওখন চাবলে' উধাতু খাই
লানি নিচিগা মানুহে আহি জুতি লয়
বান মহোৎসৱৰ
নেতা পালিনেতা বৰমূৰীয়া টেকেলা
সকলোৱে একেলগে উপভোগ কৰেহি
অসহায় প্ৰাণবোৰৰ কোৱাৰীফলা আৰ্তনাদ
ভিন্ন ভংগিমাত সকলোৱে ফটো উঠি
হেজাৰ প্ৰতিশ্ৰুতিৰ বৰষুণ ঢালি
হাত চাপৰিৰ মেটমৰা টোপোলা লৈ
অহা বাটেৰে সকলোটি ঘৰাঘৰি উভতি যায়
ৰৈ যায় মাথোঁ অসহায় গাঁওখন
নিৰ্বাক নিস্তেজ চকুলোৰ সাগৰ বোৱাই
অহাৰ দৰেই এদিন আঁতৰি যায় বান
থাকি যায় বোকা পলসৰ মাজত
হাহাকাৰ ধ্বংসস্তুপৰ এখন নতুন ভূচিত্ৰাৱলী
তাতেই মানুহবোৰে আকৌ বিচাৰি লয়
নিজৰ দেশ নিজৰ ঠিকনা
গজি উঠে পুনৰ এখন জীয়া গাঁও
গাঁওখনৰ জহতেই দীঘল হয়
বহুতৰে উন্নতিৰ জখলা
শুকাই কৰাল বান্ধে আন বহুতৰ
টোটোৰাপৰা দুচকুৰ নিমখীয়া অশ্ৰুমালা
এনেকৈয়ে জীপাল হয়
শেলুৱৈ বৰণীয়া এখন নতুন গাঁও
আকৌ জনাজাত হয় সেই পুৰণি নাম
বানে ধোৱা গাঁও
বানে গৰকা গাঁও ...
——————————————
অবৈধ বজাৰৰ বৈধ্যতাৰ পোচাক যুৰি
ৰঞ্জিতা হাজৰিকা চেতিয়া, ঘিলামৰা
অবৈধ বজাৰ এখনে
বৈধ্যতাৰ পোচাক পিন্ধি,
খিলখিলাই হাঁহিছে যদিও
পোচাক যোৰ কৰ্দয্যময় যেন লাগিছে ।
জীৱন জীৱিকাৰ জটিল পথত
সহজলভ্য চানেকি বাচি,
ভব্য গব্য সকলৰ চিন্তাধাৰা বোৰত
বিষাক্ত শেলুৱৈয়ে যেন ধৰিছে চানি।
"কালৰো কাল বিপৰীত কাল
হৰিণাই চেলেকে বাঘৰ গাল"
উক্ত বচন ফাঁকিক
কেনেকৈনো কওঁ বাৰু
অশুদ্ধ বুলি !
অবলা হ'লেও মোৰ মাতৃ-ভগ্নী
কেতিয়াও দূৰ্ব্বলা নহয়,
অন্ততঃ কৰ্মক্ষম শৰীৰ আৰু
সুস্থ-সৱল মানসিকতাৰ পৰিচয় আছিল।
সেয়েহে ভাবিছোঁ অবৈধ পথটোক
বৈধ্যতাৰ হীৰাখচিত মুকুতা পিন্ধাই
বিলুপ্তি ঘটাব নেকি!
মাতৃজাতিৰ গৌৰৱ অধ্যায়?
সেয়েহে মোৰ
মন সৰোবৰৰ,
বাকৰুদ্ধ চেতনাবোৰ
বলিয়া হৈ উঠিছে।
এৰাবাৰীৰ বৈধ জিলিঙণিত ডুবি
সহজলভ্য অধোগতিৰে বগুৱাবাই যাবলৈ,
মই কেতিয়াও দিব নোৱাৰোঁ,
মোৰ স্নেহময়ী মাতৃ-ভগ্নীক
ফণামেলা কালনাগৰ হাতত তুলি।
সেয়েহে! সেয়েহে-------
টানি আঁজুৰি ফালিবলৈ মন গৈছে,
মোৰ মাতৃৰ কোলা অশুৱনি
অবৈধ বজাৰৰ বৈধ্যতাৰ পোছাক যুৰি।
-------------------------------------------
জলছবি
অন্বেষী বৰা
নৈখনে ছটফটায়,
আৱৰ্জনাৰ ভাৰ বৈ
ক্লেদান্ত হৈ পৰা নৈয়ে
উশাহ বিছাৰি ছটফটায়,
আৰু নৈখন লেতেৰা হয়।
জীৱন যুঁজত হাৰ মনা
পলৰীয়া জীৱন,
জাহ যায় জলধাৰাৰ
বিশাল বুকুত
উদাৰ নৈয়ে বুকুৰ মাজত সামৰে
ভাগৰুৱা দেহবোৰ,
আৰু নৈখনি কলংকিতা হয়।
কিমান হা-হুমুনিয়াহ,
কিমান চকুলো,
কতজনৰ ৰং হেৰুৱা সপোনৰ
সাক্ষী হৈ ৰয় নৈখনি।
নিজৰ বুকুত সহস্ৰজনৰ
মলিন প্ৰতিচ্ছবি,
উচুপি উঠে নৈয়ে
আৰু নৈখন তাণ্ডবধাৰী হয়।
আৰ্তনাদ সৰে নৈৰ বুকুৱেদি
প্ৰাণদায়িনী মই,
নসজাবা মোক খেলৰ পুতলা।
কোনেও নুশুনে,
মৌন সেই আৰ্তনাদ।
প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ ভাৰ বৈ বৈ,
ভাগৰুৱা নৈখনে ককবকায়
আৰু নৈখন বাউলী হয়।
——————————
বটদ্ৰৱা
পবিত্ৰ বৰগোহাঁই
আজি বটদ্ৰৱা থানা জ্বলিছে
আজি বটদ্ৰৱাত মানুহ মৰিছে
বটদ্ৰৱাত কোনে হিংসাৰ বীজ ৰোপণ কৰিছে
পৃথিৱীৰ চুকে-কোণে সিঁচৰতি হৈ থকা
শঙ্কৰ-মাধৱৰ নাম শলিতা গছি
কোনে নুমাব বিচাৰিছে ?
বিভিন্ন জাতি-ধৰ্ম,ভাষা-সংস্কৃতিৰ মিলনভূমিৰ
জন্ম-ভূমি মহাপুৰুষ শ্ৰী শ্ৰী শঙ্কৰদেৱৰ জন্মস্থান
কোনে কলঙ্কিত কৰিব বিচাৰিছে
অসমীয়াৰ জাতিৰ জনক জগতগুৰু
বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰৰ আসনখনৰ ওচৰত
দপদপাই থাকিবলৈ অসূয়া-অপ্ৰীতি বিয়পাবলৈ
কাৰ ইমান দু:সাহস হ'ল
ইতিহাসক চেকা লগোৱা সকল
হুচিয়াৰ হুচিয়াৰ হুচিয়াৰ
সময়ে কাকো ক্ষমা নকৰে
আকাশৰ সূৰ্যক ঢাকিৰাখিবলৈ
কোনেও চেষ্টা নকৰিব
ৰাজনীতিৰে সকলো নহয়
বটদ্ৰৱা বটদ্ৰৱা হিচাবে
উজলি থাকিবলৈ দিয়ক ।
——————————————
দাম
দিপ্তী মনি গোস্বামী
বিশ্ব বৰেণ্য নোহোৱা শিল্পীৰ ভাষাৰে.....
"দেশত চলিছে কিহৰ ধুমধাম...?
আঁঠিয়া কল এটাৰ হাতী সমান দাম ।"
শুনিলেই ভয় লগা হ'ল,
নিত্য ব্যৱহায্য বস্তুৰ দৰ দাম
ভালকৈ ভাত এসাজনো কেনেকৈ খাম ..?
মাছ মাংসৰ জুই ছাই দাম ,
বানে ধুৱা পথাৰত শাক এমুঠিনো ক'ত পাম ?
কাঁহীৰ কাষত জলকীয়া চেলেকি
নিমখ ভাত কিমাননো খাম !
তেনে খাদ্যই গাত বল শক্তি
কেনেকৈনো পাম ?
এনে হ’লে দেখোন
জীয়াই থকাই টান ,
বিকল্প পৃথিৱী বিচাৰি
ক'তনো সাঁতুৰিম
বিছৰা আশাবোৰ
পৰিধি ফালি কেনেকৈনো চুমিম..?
—————————————
ফাগুন
অনুপমা কলিতা, অভয়াপুৰী,বঙাইগাঁও।
ফাগুন...
তুমি কাহানিও মোৰ প্ৰিয় নাছিলা।
ফাগুন মানেই
লঠঙা বিৰিখ
ধূলিয়ৰি পচোৱা
সৰাপাতৰ বিননি
আৰু উৰুঙা উদাস মন।
কেতিয়ানো অজানিতে আপোন হৈ পৰিলা
গমেই নাপালোচোন!
হয়তো
বলিয়া ফাগুনৰ
প্ৰেমত পৰিছো নতুনকৈ গুপুতে!
সেয়েহে লঠঙা ডালত উপভোগ কৰিছোঁ
নতুনক আদৰাৰ প্ৰস্তুতিৰ,
ধূলিয়ৰি পছোৱাত দেখিছোঁ
জীৱনৰ উত্থান পতনৰ ছন্দ।
আৰু ৰঙা শিমলুৱে দিছে
জীৱন জীয়াৰ সাহস।
—————————————
উৰুখা নিশাৰ সপোন
ৰিংকু মনি বড়া,
ঢকুৱাখনা।
আকুল বুকুত নৈঃশব্দতাৰ খেলা
ওঁঠত বিৰিঙি উঠে
দোভাগ নিশাৰ গান
চম্পাৱতী ঐ...
ধান পকিলে নে নাই?
আঘোণৰ পথাৰত তৰিবৰ হ'ল
ধূসৰতাৰ পাল,
দিখৌ শুকাল,জাঁজীও শুকাল,
শুকাল ধনৰ বুকুৰ মৌ।
নঙঠা সপোন এটা আঁকি আঁকি
বাউলী উষা,
টোপ... টোপ... টোপ...
সৰি পৰে সপোন।
উৰুখা চালেদি তৰা গণি গণি
বিভোৰ তৰাৱতী,
কপাহী চাদৰেদি বিৰিঙিছে
যৌৱনৰ সুগন্ধি,
বুকুৰ উঠা-নমাত নীৰৱতা ভাঙি
উচুপি উঠে আকুল প্ৰণয় পখী।
——————————————
তোমাৰ
প্ৰস্তুতি শৰ্মা
এই সময় ব্যাকুলতা
কোনে বুজে তেওঁৰ মনৰ কথা
তেওঁৰ প্ৰেয়সীয়ে
তেওঁ মোৰ বাবে আকাশৰ প্ৰিয় জোনটো
তেওঁ ৰ ফাগুন ফুলা হাঁহি টো আজিও মোৰ প্ৰিয়
এই সময় এতিয়া তেওঁৰ বাবে
সপোন বোৰ বাস্তৱ হওঁক
আৰু আশাবোৰ পূৰণ হওঁক।
মোৰ প্ৰাৰ্থনা ৰ এটি মাথোঁ শব্দ তুমি হোৱা ।
প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়
—————————————
সোণসেৰীয়া আৱেগবোৰ
প্ৰাণ প্ৰতিমা বড়া
সঞ্জাতপুষ্পৰ সপোনৰ আৱেগবোৰে
গুণগুণাই কোনোবা এটি মিঠা সুৰ,
আশাবোৰে দিঠকৰ কাৰেং সাঁজে
অনিশ্চয়তাৰ বুকুত ৷
সমীৰণৰ গুঞ্জনত
সজল দুচকুত
ধৰা দিয়ে
সেউতীয়ে,
সীমাহীন ভালপোৱাবোৰ লহিয়াইছে
অনিশ্চয়তাৰ বুকুত!
আশাৰ পৰিধিৰ জানো
শেষ আছে?
হেঁপাহৰ লহৰে আনে
অশান্ত হৃদয়ৰ
সোণসেৰীয়া আৱেগবোৰ ....
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
——————————————
ফাগুন
অঞ্জুমণি বৰা
মনৰ খিৰিকি খুলি
সোমাই আহিল
এজাক হিমচেঁচা বতাহ
জোনাক গলা ৰাতি !
সাৰ পাই অনুভৱ কৰিলোঁ
এয়াচোন ফাগুন আহিছে
পছোৱাৰ বোকোচাত উঠি ।
মাঘৰ পাছে-পাছে বাট বুলে ফাগুনে
হালধীয়া তলসৰা পাতে-পাতে
তাৰেইতো বতৰা ।
সেউজীয়া পাতবোৰে
বতাহৰ লগত উমলি
তলভৰা পাতলৈ চাই
ধূলিৰ লগত ওমলা দেখি
মিচিকিয়াইছে !
চোৱা-চোৱা
মই নাচিছো
তোমাৰ দৰে নহওঁ জানা
মই যে এতিয়া ফাগুনৰ ভৰ দুপৰীয়া
শুকান পাতেও বিষাদেৰে ক'লে–
আহিব তোমাৰো দিন
ফাগুনেতো কাকো ক্ষমা নকৰে
মোৰ দৰেই তোমাৰো হব সমাধি
কিয়নো ,
এতিয়াতো নৱপত্ৰৰ সময়
গছে-গছে কুঁহিপাতে সুহুৰি মাৰিব
সেউজীয়া হব পুণৰ ধৰণী
ৰাঙলী হব ফাগুন
ৰঙেৰে উপচি পৰিব গছ-বিৰিখ
অশোক ,শিমলু , মদাৰে , পলাশে
সিঁচি দিব এবুকু প্ৰেম
ফাগুনৰ বুকুত !!!!
কবিতাৰ ছন্দে-ছন্দে
গীতৰ সুৰে - সুৰে সিঁহৰণ জাগি
বাজি উঠিব বিৰিণা পাতৰ সুহুৰি
গৰখীয়া বেলিৰ হেঙুলীয়া বোল সানি
নামি আহে সন্ধাৰাণী !!!!
আমোল-মোল খৰিকাজাইৰ সুবাসত
ফাগুন তই আহি খুলি দিলি
মনৰ ৰিক্ত দুৱাৰ !
অঞ্জুমণি বৰা
নগাঁও
————————————
মা
ৰাজশ্ৰী সেনাপতি গগৈ
মা শব্দটো মাথোঁ
এটি শব্দ নহয়
অতি মৰমৰ
হৃদয়ৰ আপোন |
সেইয়ে হৈছে মা
মনৰ কথা নকলেওঁ
যি তোমাক দেখিয়ে
অন্তৰৰ উমান পাই
সেইয়ে হৈছে মা |
মা হৈছে মৰমৰ সাগৰ
ধৈয্যৰ প্ৰতিক
পূৰ্ণ শক্তিৰ এটি ৰূপ
ঈশ্বৰৰ পৰা পোৱা
এক মূল্যৱান উপহাৰ হৈছে মা |
নাই কোনো দিনে তাৰ অন্ত
মাতি ভাগৰি নপৰা এটি শব্দ
পৰিশ্ৰমী আৰু যত্নশীল
ত্যাগৰ প্ৰতীক, নহয়নে |
মা, মা, মা তুমি মোৰ হৃদয়ৰ স্পন্দন ।
——————————————
চনকা মাটিৰ সুৰ এটি হৈ
হিয়া দাস
কোন মগ্ন
কোন ৰুগ্ন
কাৰ শতধা-বিদীৰ্ণ
হিয়াত ৰৈ
গলি যোৱা জোনাকে
বজায়
বিষাদৰ কৰুণ সুৰ ।
হিয়া দাস
শুৱালকুছি উত্তৰ সিদ্ধেশ্বৰ পাহাৰ
—————————————
নীলকন্ঠ
ৰাজীৱ দত্ত
এটা সৰ্বগ্ৰাসী বিষে ক্ৰমশঃ
কাবু কৰি আনে মোৰ সমস্ত সত্তা৷
যি বিষ পান কৰি হৈ পৰো
মই নীলকন্ঠ৷
বিষৰ জ্বালাকেই অনৱৰত
লৈ ফুৰোঁ আকন্ঠ৷
’হে জীৱন, তুমি অনন্য !
কোলাৰ কেঁচুৱাটোৰ দৰে
তোমাৰ ৰূপো অবাধ্য৷
বিচিত্ৰ ছাঁ পোহৰৰ বৰ্ণালী
জীৱনৰ দীঘ–বাণী ৷
জীৱনৰ যন্ত্ৰণা
হৃদয়ৰ অব্যক্ত বেদনা৷
যাক বহন কৰো অহোৰাত্ৰি
দিন প্ৰতিদিন ৷
উদযাপন কৰো জীৱনৰ
বিষময় যন্ত্ৰণাৰ সৌৰভ৷
যি যন্ত্ৰণাই দি যায় মোক
আমোঘ শিক্ষা ৷
জীৱন জীৱন
কি যে অনুপম!
কি যে বিচিত্ৰ !
ৰাজীৱ দত্ত
চামতা
নলবাৰী ৭৮১৩০৬
ইমেইলঃ
rajibdutta98642@gmail.com
——————————————
প্ৰেমৰ ঈশ্বৰ
পূৰৱী শইকীয়া বৰুৱা
বুদ্ধৰ বাটেৰে খোজবোৰ দিওঁতে
তেওঁ আমাক কয় __
ঈশ্বৰ নাই
শূন্যতাই ঈশ্বৰ
প্ৰেমৰ জ্যোতিৰেহে উজলি থাকে সৌধ !
প্ৰেমময় সময়ে ক'লে_
আহা , হাতত ৰঙা গোলাপ লৈ আহা ।
মিঠা বিষাদ এটা অনন্ত সংগী হৈ
এতিয়া মোৰ কাষে কাষে
দূৰ দিগন্ত ৰ অন্তৰ্নীল শূন্যতাতো
মই মুগ্ধ ।
তেওঁ প্ৰতি দিনাই মোৰ হাতত তুলি দিয়ে
বিশ্বাসৰ একোপাহ ৰঙা গোলাপ
আৰু কয় _ ঈশ্বৰ নাই শূন্যতাই ঈশ্বৰ ।
পূৰবী শইকীয়া বৰুৱা
১৩ নং ৱাৰ্ড
সোনাৰি, চৰাইদেউ
——————————————
প্ৰেমিক
গৌতম মালাকাৰ
ময়ো এজন প্ৰেমিক হ'ব পৰাহেঁতেন....
প্ৰেমিকবোৰ বৰ সাহসী হয়,
কোনো বাধাৰ প্ৰাচীৰে
প্ৰেমিকৰ যাত্ৰা ৰোধিব নোৱাৰে
সিহঁতৰ যাত্ৰা কেতিয়াবা মসৃণ,
কেতিয়াবা কণ্টকময়
আৰু কেতিয়াবা অতি দীঘলীয়া হয়
কোনো কোনোৰ যাত্ৰা
স্বৰ্গলোকতহে সমাপ্ত হয়!
প্ৰেমিকবোৰ প্ৰকৃতিপ্ৰেমী হয়,
প্ৰেমৰ সুবাস হৃদয়ংগম কৰিবলৈ
জান-জুৰি-নদীৰ পাৰে পাৰে বগায়।
প্ৰেমিকবোৰ শক্তিশালী হয়,
পাহাৰৰ সুউচ্চ শৃংগবোৰ
পলকতে উজায়...
শিলবোৰ সিঁহতৰ প্ৰেমৰ সাক্ষী হৈ ৰয়।
প্ৰেমিকবোৰ কবি হয়,
মেঘৰ নৌকাত ঘূৰি ফুৰে আৰু
বৰষুণত তিতা ওঁঠৰ উষ্মাৰে
জনম জনমৰ তৃষ্ণা পলুৱায়!
প্ৰেমিকৰ হিয়াত ঋতুৰ জোন জ্বলে,
আন্ধাৰৰ আঁৰে আঁৰে
জীৱন জোনাকৰ জেউতি চৰে...
অনুভূতিৰ পদুম-পাপৰিৰে
সাগৰৰ ঢৌত কালজয়ী মহাকাব্য লিখে।
প্ৰেমিকৰ অন্তৰবোৰ কপাহী কোমল হয়,
সিহঁত খাজুৰাহোৰ মূৰ্ত্তি হয়
বেপৰোৱা হয়,
নিয়ম নমনা
বিদ্ৰোহী হয়!
প্ৰেমিকবোৰ বিপ্লৱী শিল্পী হয়!
গৌতম মালাকাৰ
কৰিমগঞ্জ
——————————————
স্মৃতিবোৰ ঢলি নিলে
ৰাহুল কোঁৱৰ
চকুপানীবোৰৰ লগতে যদি স্মৃতিবোৰ ধুৱাই দিব পৰা হ'লে
স্মৃতিবোৰ আহি বৰকৈ আমনি নকৰিল হেতেঁন,
এতিয়া প্ৰাণত হৃদ্য শব্দ অৰ্থ কি বিছাৰি নাপাওঁ
চকুযোৰ মুদিলেই স্মৃতিবোৰ ভাহি আহে
একো একোটা বিষৰ টোপোলা যেন ।
মোৰ শেষ উশাহটোৱে যেন তোমাৰলৈয়ে আপেক্ষাত ৰব
কষ্টকৰ হলেওঁ শেষ উশাহটোত তোমাৰ স্বপ্নৰ পৰিধি দেখা আশা,
এতিয়াও ছাগে তুমি স্বাৰ্থত আছা
আৰু হিয়াভৰা শ্ৰদ্ধাঞ্জলি জনাবলৈ
এয়াই শেষ পহৰৰ অন্তিম নিশা।
স্মৃতিবোৰক দলিচা পাৰি দিছোঁ প্ৰাণহানি নোহোৱালৈকে আমনি কৰিবলৈ
চকুপানীবোৰ নিথৰ হৈয়ে ৰওক
বৰষুণৰ টোপালে উটুৱাই নিব নোৱাৰালৈকে,
শেষ উশাহটো জথৰ হৈ পৰি যাওঁক
স্মৃতিয়ে ধুৱাব নোৱাৰে কুঁৱলী বাট
তোমাৰ হৃদয়ৰ নিৰ্লিপ্ততা
শ্ৰদ্ধাঞ্জলি জনাব কিন্ত মই অন্তিম উশাহটো লওঁতে।
ৰাহুল কোঁৱৰ ।
তিনিচুকীয়া জিলা।
ফোন:-৯৬৭৮৯৭২৯৬৭।
————————————
কন্যাকাল
অঞ্জনা বৰুৱা
কুঁচিমুঁচি বহি আছিল তাই
দিঠকৰ জীৱন ধিয়ায়,
কোন সু-ক্ষণত সৰিল কৈশোৰ
যৌৱন পলকতে আহে আগুৱাই।
ঘট, আম্ৰপল্লৱত সেন্দুৰ সানি
মাতৃহৃদয়ত কঠিন শিল বান্ধি
বাৰে বাৰে সকিয়নিৰ সুৰ,
আচম্বিতে দুভৰিত সল্লজ বান্ধোন
আপোন সম্পৰ্কত বহু আলোড়ন
সময়েহে ঢাকেহি সময়ৰ আবুৰ।
তাইৰ পাতগাভৰু দেহ প্ৰতিভাত
ন হেঙুলীয়া মনত উথপথপ
কঁপি উঠে বাৰে বাৰে হিয়া,
মাদকতাই মনত বোল সানি যায়
ৰৈ ৰৈ আৱেগৰ চকুলো বোৱায়
কন্যাকালে মাতৃত্বৰ চানেকি সুৱায়।
অঞ্জনা বৰুৱা
ডিব্ৰুগড়।
——————————————
নষ্টাল'জিয়াৰ প্ৰিয়তমা
বনজিৎ তালুকদাৰ
বজালী।
জে বি কলেজৰ
মিছ নিবেদিতা হাজৰিকা
তোমাৰ লিহিৰি দেহৰ
মধুৰ পৰশে
আজিও শিপাই যায় মোৰ
প্ৰাণৱন্ত মনৰ শিখৰ।
তোমাৰ নিভাঁজ চকুৰ
এপলক চাৱনিত
তৰংগিত হৃদয় জীপাল কৰি
প্ৰাণ পাই উঠে এজাক মধুৰ
প্ৰেমৰ বৰষুণ।
বৰষুণ মোৰ বৰ প্ৰিয়
কিয়নো
বৰষুণৰ নিটোল টোপালবোৰে
মোৰ হৃদয়ত আঁকি থৈ যায়
তুমি হীনতাৰ এখন জীয়া ছবি...!
তোমাৰ এটি নিভাঁজ বেকা হাঁহিয়ে
মোৰ ঠুনুকা হৃদয়লৈ নমাই আনে
এজাক মধুৰ প্ৰেমৰ বৰষুণ।
ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নাহৰৰ
নিবিড় সৌন্দৰ্য্যতাৰ মাজত
তোমাৰ সুবাস বিছাৰি পাওঁ,
জে বি কলেজৰ তুমি মিছ হাজৰিকা
তুমি হয়টো বুজি নোপোৱা
মোৰ কবিতাৰ ভাষা !
তথাপিও,
তোমাৰ সান্নিধ্যই
মোৰ অনুভৱৰ দলিছাখনত
পাৰি দিয়ে
একাঁজলি শব্দৰ মালাধাৰি
তোমাৰ এখন্তেক অনুপস্থিতিতে
শব্দবোৰে নিজে নিজে আহি
মোৰ মন মগজুত
কবিতাৰ আকাৰ লয়হি।
মই জানো,
মই লিখা অৰ্থহীন কবিতাবোৰ
তুমি ভাল নোপোৱা
কেতিয়াবা তোমাৰ এখন্তেক অমনোযোগিতাতে
মোৰ নিৰ্বিকাৰ হৃদয়খনে
হাহাকাৰ কৰি উঠে
তুমি কি ভালপোৱা ...?
প্ৰাকৃতিকতা নে যান্ত্ৰিকতা ...?
প্ৰকৃতি মোৰ বৰ প্ৰিয়,
প্ৰকৃতিৰ প্ৰতিটো সৌন্দৰ্য্যই
মোৰ আবেগিক হৃদয়ত
চুমা আঁকি থৈ যায় ...
কিন্তু তোমাতকৈ নহয় ...
তোমাৰ মিচিকিয়া হাঁহি
লাহীপৰশা মেঘালী চুলি
কাজলবিহীন নিবিড় নয়নযুৰিক
বহাগৰ কপৌ
শৰতৰ শেৱালি
ফাগুনৰ পলাশ,শিমলু
আৰু
বসন্তৰ কুলিয়েও
ফেৰ মাৰিব নোৱাৰে
জে বি কলেজৰ মিছ হাজৰিকা
তোমাৰ গভীৰ দুচকুত মই দেখো
নিবিড় ভালপোৱাৰ এক
বিৱৰ্ণ ছবি
হয়তো তুমি নুবুজা
নাইবা,
বুজিবলৈও চেষ্টা নকৰা!
তথাপিও হৃদয়ৰ হাঁহিবোৰে
দুচকুৰ সুমধুৰ সপোনবোৰে
বুকুৰ কল্পনাহীন মৰমবোৰ আৰু
অন্তৰৰ সীমাহীন ভালপোৱা বোৰক সংগী কৰি
লিখি যাব খোজো
তোমাৰ বহল হৃদয়ত এখনি
ৰঙীন উপন্যাস...।
Comments
Post a Comment